ETV Bharat / state

Police Firing at Biswanath : বিশ্বনাথ চাৰিআলিৰ গোৱালতলিত আৰক্ষীৰ গুলীচালনা

author img

By

Published : Oct 20, 2022, 7:21 PM IST

Updated : Oct 20, 2022, 7:45 PM IST

Biswanath
Biswanath

জাগিৰ আলী নামৰ এজন লোকক ধৰিবলৈ আহোঁতেই আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হয় ৷ উল্লেখ্য, আৰক্ষীয়ে বিচাৰি অহা জাগিৰে আৰক্ষীৰ পৰা দৌৰি পলাবলৈ চেষ্টা কৰোঁতেই শূন্যলৈ গুলীচালনা কৰে আৰক্ষীয়ে (Police firing in Biswanath Chariali) ৷

বিশ্বনাথ চাৰিআলি, ২০ অক্টোবৰ : বৃহস্পতিবাৰে পুৱাতেই বিশ্বনাথ চাৰিআলিৰ গোৱালতলিত সংঘটিত হয় আৰক্ষীৰ গুলীচালনাৰ ঘটনা (Police firing in Biswanath Chariali) ৷ এই গুলীচালনা কৰে চতিয়া আৰক্ষীয়ে । চতিয়া আৰক্ষীয়ে অপৰাধীলৈ লক্ষ্য কৰি গুলী চলায় (Chatia police open fire on criminal) ৷

জাগিৰ আলী নামৰ এজন লোকক ধৰিবলৈ আহোঁতেই আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হয় ৷ উল্লেখ্য, আৰক্ষীয়ে বিচাৰি অহা জাগিৰে আৰক্ষীৰ পৰা দৌৰি পলাবলৈ চেষ্টা কৰোঁতেই শূন্যলৈ গুলীচালনা কৰে আৰক্ষীয়ে ৷ অপহৰণৰ গোচৰত অভিযুক্ত হৈছে কুখ্যাত জাগিৰ আলী নামৰ অপৰাধীটো ৷ চতিয়াৰ চৰাইজনীয়া গাঁৱৰ এগৰাকী যুৱতীক অপহৰণৰ চেষ্টা চলোৱাৰ অভিযোগত অভিযুক্ত জাগিৰ (Girl kidnapper arrested in Biswanath) ৷

Police Firing at Biswanath : বিশ্বনাথ চাৰিআলিৰ গোৱালতলিত আৰক্ষীৰ গুলীচালনা

চলিত মাহৰ ৯ তাৰিখে সংঘটিত হৈছিল এই ঘটনাটো ৷ ঘটনা সংঘটিত হোৱাৰ দিনাই জাগিৰৰ এজন সহযোগীক ৰাইজৰ সহযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ ঘটনা সন্দৰ্ভত চতিয়া আৰক্ষী থানাত 74/22 নম্বৰৰ গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু ipc 448/366/511/34 ধাৰা আৰোপ কৰা হৈছে ৷ গোচৰ ৰুজু হোৱাৰ পিছৰে পৰা পলায়ন কৰি আছিল জাগিৰ (Chatia Police arrested kidnapper) ৷

কিন্তু আজি গোৱালতলিত জাগিৰ আলী থকাৰ খবৰ লাভ কৰি আৰক্ষীয়ে অভিযান চলায় ৷ কিন্তু আৰক্ষীক দেখাৰ লগে লগে ঘৰৰ পিছফালেদি পলায়নৰ চেষ্টা কৰে জাগিৰে ৷ অৱশেষত আৰক্ষীয়ে খেদি খেদি কৰায়ত্ত কৰে জাগিৰক ৷ আনহাতে, উক্ত স্থানত বহু লোক উপস্থিত হৈ অপৰাধীক কৰায়ত্ত কৰাত বাধা প্ৰদান কৰে ৷

উল্লেখ্য যে জাগিৰ আলীক পূৰ্বতেও গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ আন কেইবাটাও অপৰাধজনিত গোচৰত অভিযুক্ত ধৃত জাগিৰ আলী । মাটিৰ দালালিৰ লগতো জাগিৰ জড়িত থকাৰ অভিযোগ আছে ৷ ইতিমধ্যে জাগিৰ আলী জড়িত থকা পূৰ্বৰ সকলো ঘটনাৰ পুনৰ তদন্ত কৰা হ'ব বুলি বিশ্বনাথৰ আৰক্ষী অধীক্ষক (Biswanath District SP) নবীন সিঙে ঘোষণা কৰিছে ।

লগতে পঢ়ক :Attempted to kidnapping of girl: বৰপেটাত ছাত্ৰীক অপহৰণৰ চেষ্টা কৰিবলৈ আহি আটক হ’ল চাৰি কিশোৰ

Last Updated :Oct 20, 2022, 7:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.