ETV Bharat / state

CBSE 10th Results: CBSEৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত ৯৫.৫% নম্বৰ লাভ কৰিলে অনামিকা ৰিয়া দত্তই

author img

By

Published : Jul 23, 2022, 7:21 PM IST

বিহালীত আনন্দৰ বন্যা ৷ CBSEৰ দশম শ্ৰেণীৰ চূড়ান্ত ফলাফলত ৯৫.৫% নম্বৰ লাভ কৰি বিহালীলৈ গৌৰৱ কঢ়িয়াই আনিলে অনামিকা ৰিয়া দত্তই (Anamika Riya Dutta shine in CBSE exam result 2022)৷ জীয়ৰীৰ এই ফলাফলক লৈ সুখী পিতৃ-মাতৃও ৷

Anamika Riya Dutta shine in CBSE exam result 2022
বিহালীত আনন্দৰ বন্যা

বিহালী, ২৩ জুলাই : শুকুৰবাৰে ঘোষণা কৰা হ’ল CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল (CBSE exam result 2022) ৷ সদ্যঘোষিত CBSEৰ দশম শ্ৰেণীৰ ফলাফলে বিহালী সমষ্টিতলৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী ছাত্ৰীয়ে (CBSE Class 10th Result 2022)। বিশ্বনাথ চাৰিআলিৰ ইষ্ট ইন্দিয়া স্কুলৰ ছাত্ৰী অনামিকা ৰিয়া দত্তই মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৭৫ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ।

বিহালীত আনন্দৰ বন্যা

ভৱিষ্যতে এগৰাকী সু-চিকিৎসক হোৱাৰ আশা পুহি ৰখা বুলি সাংবাদিক আগত মন্তব্য কৰে কৰে কৃৰ্তী ছাত্ৰী অনামিকা ৰিয়া দত্তই (Anamika Riya Dutta shine in CBSE exam result 2022) ৷ পঢ়া-শুনাৰ লগতে ছবি অংকন কৰি বাল পাই অনামিকাই ৷ আনকি আজৰি সময়ত মাকক সহায় কৰে অনামিকাই ৷ অনামিকাৰ এই সাফল্যক লৈ যথেষ্ট সুখী অনুভৱ কৰিছে অনামিকাৰ পিতৃ-মাতৃয়ে ৷

উল্লেখ্য যে, কৃৰ্তী ছাত্ৰী অনামিকা ৰিয়া দত্ত বিহালী সমষ্টিৰ প্ৰাক্তন মন্ত্ৰী তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তৰ কনিষ্ঠ ভাতৃ সঞ্জীৱ দত্ত আৰু অৰ্চনা দত্তৰ জীয়ৰী ।

লগতে পঢ়ক : CBSE Class 10th Result 2022: ৯৯.৮০% ৰে বিশ্বনাথলৈ গৌৰৱ কঢ়িয়ালে লোচনা বাচটোলাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.