ETV Bharat / state

গ্ৰামোন্নয়ন বিভাগৰ বিজ্ঞাপনৰ নামত কোটি টকাৰ লুন্ঠনৰ অভিযোগ

author img

By

Published : Mar 1, 2021, 10:25 PM IST

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে অসম বিধানসভা নিৰ্বাচনৰ তাৰিখ ৷ এনে সময়তে বিজেপি চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিজ্ঞাপনৰ নামত কোটি টকাৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৷

alleged scam in crores in the name of advertisement of pnrd departmen
alleged scam in crores in the name of advertisement of pnrd departmen

বিশ্বনাথ, 28 ফেব্ৰুৱাৰী: সন্মুখত বিধানসভা নিৰ্বাচন ৷ দেশৰ নিৰ্বাচন আয়োগে ইতিমধ্যে অসম বিধানসভা নিৰ্বাচনৰ দিন তাৰিখ ঘোষণা কৰিছে ৷ নিৰ্বাচনী আয়োগৰ ঘোষণা অনুসৰি 27 মাৰ্চ, 1 এপ্ৰিল আৰু 6 এপ্ৰিলত তিনিটা পৰ্যায়ত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ এনে সময়তে দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীল নীতিৰ কথা কোৱা বিজেপি চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ অনুসৰি, ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিজ্ঞাপনৰ নামত কোটি টকাৰ দুৰ্নীতি সংঘটিত হৈছে ৷

বিজ্ঞাপনৰ নামত বিভাগটোত কোটি টকাৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ

প্ৰাপ্ত তথ্য অনুসৰি, মন্ত্ৰী নৱ দলেৰ অধীনৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উন্নয়নমূলক আঁচনি সমূহ প্ৰচাৰ চলোৱাৰ নামত কোটি কোটি টকাৰ লুন্ঠন সংঘটিত হৈছে ৷ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ প্ৰায় 20 দিন পূৰ্বে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে প্ৰতি খন জিলাৰ প্ৰতিটো স্থানীয় গাঁও পঞ্চায়তত বিভাগীয় কাম আৰু আঁচনি সমূহৰ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে একাংশ ঠিকাদাৰক কোটি টকাৰ ধন আবন্টন দিছিল ৷ জানিব পৰা মতে, ৰাজ্যৰ গুৱাহাটী নীলমনি ফুকন পথত থকা SEASONS নামৰ ফাৰ্ম খনক ৰাজ্যজুৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাম আৰু আঁচনিসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বেনাৰ, প'ষ্টাৰ আৰু হৰ্ডিং ছপা কৰাৰ ঠিকা প্ৰদান কৰা হৈছিল

alleged scam in crores in the name of advertisement of pnrd departmen
কিছুসংখ্যক গাঁও পঞ্চায়তত হৰ্ডিং সমূহ লগোৱা হৈছে যদিও ইয়াৰে অধিকাংশ হৰ্ডিং ভঙা অৱস্থাত প্ৰত্যক্ষ কৰা হৈছে

জানিব পৰা মতে, ঠিকাৰ আৱন্টন লাভ কৰাৰ পাছতেই ফাৰ্ম খনে পঞ্চায়ত সমূহত বিভাগীয় চৰকাৰী আচঁনি সমূহ প্ৰচাৰ চলোৱা নামত প্ৰতিটো পঞ্চায়ততে তিনিখন কৈ হৰ্ডিং যোগান ধৰিছে ৷ কিন্তু, ঠিকাদাৰী গোষ্ঠীটোৱে ছপা কৰি প্ৰচাৰ চলোৱা হৰ্ডিং সমূহৰ মান অতি নিম্নমানৰ হোৱাৰ উপৰিও কোনো কোনো পঞ্চায়তত দুখন বা তিনিখন হৰ্ডিং আঁৰি প্ৰচাৰৰ কামৰ সামৰণি মৰা বুলি একাংশই অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে ৷

জানিব পৰা মতে, বিশ্বনাথ খণ্ড উন্নয়ন কাৰ্যালয় আৰু সাকোমঠা খণ্ড উন্নয়ন কাৰ্যালয়ৰ অধীনৰ প্ৰায় 15 খন বিহালী সমষ্টিৰ গাওঁ পঞ্চায়ত, বাঘমৰা খণ্ড উন্নয়ন কাৰ্যালয় আৰু বিহালী খণ্ড উন্নয়ন কাৰ্যালয়ৰ অধীনৰ 17 খন গাওঁ পঞ্চায়ত, গহপুৰ সমষ্টিৰ পশ্চিম ছয়দুৱাৰ খণ্ড উন্নয়ন কাৰ্যালয় আৰু পূৰ্ব ছয়দুৱাৰ খণ্ড উন্নয়ন কাৰ্যলয় অধীনৰ 34 খন অৰ্থাৎ মুঠ 66 খন গাওঁ পঞ্চায়তে এই হৰ্ডিং সমূহ যোগান ধৰিছে যদিও অধিকাংশ গাওঁ পঞ্চায়তত বৰ্তমান সময়লৈকে উক্ত প্ৰচাৰৰ হৰ্ডিং সমূহ ঠিকা লাভ কৰা SEASONS নামৰ ফাৰ্মখনে যোগান নধৰাৰ তথ্য পোহৰলৈ আহিছে ৷

অভিযোগ অনুসৰি, কিছুসংখ্যক গাঁও পঞ্চায়তত হৰ্ডিং সমূহ লগোৱা হৈছে যদিও ইয়াৰে অধিকাংশ হৰ্ডিং ভঙা অৱস্থাত প্ৰত্যক্ষ কৰা হৈছে ৷ অসমত বিয়াগোম জনসংযোগ বিভাগ থকাৰ পাছতো পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে কি কাৰণত মাত্র 20 দিনৰ বাবে এই প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে বিভাগীয়ভাৱে ব্যক্তিগত ফাৰ্মক নিবিদা প্ৰদান কৰিলে সেই লৈ একাংশই প্ৰশ্ন উত্থাপন কৰিছে ৷

লগতে পঢ়ক: বিহালীত চিপিআই(এম এল)ৰ বেনাৰ ফালিলে দুস্কৃতিকাৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.