ETV Bharat / state

বিশ্বনাথত 18 গৰাকী ব্যক্তিক উপায়ুক্তৰ সম্বৰ্ধনা

author img

By

Published : Aug 16, 2020, 7:31 PM IST

বিশ্বনাথত 74 সংখ্যক স্বাধীনতা দিৱস লগত সংগতি ৰাখি জিলা খনৰ 18 গৰাকীকৈ বিশিষ্ট ব্যক্তি, উদ্যমী কৃষক, ক’ভিড যোদ্ধাক সম্বৰ্ধনা জনোৱা হয় ৷

কোভিড যোদ্ধাক সম্বৰ্ধনা
কোভিড যোদ্ধাক সম্বৰ্ধনা

বিশ্বনাথ, 16 আগষ্টঃ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এইবাৰ বিশ্বনাথ জিলা প্ৰশাসনে বিভিন্ন ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা আৰু ক’ভিড-১৯ৰ বিৰুদ্ধে সন্মুখৰ পৰা যুজঁত অৱতীৰ্ণ হোৱা 'ক’ভিড যোদ্ধা' প্ৰমুখ্যে জিলাখনৰ ১৮ গৰাকীকৈ ব্যক্তি, কৰ্মচাৰী, উদ্যমী কৃষকক সম্বৰ্ধনা জ্ঞাপন কৰে ৷

সম্বৰ্ধনা লোৱাৰ মুহূৰ্তত এগৰাকী সম্বৰ্ধনা প্ৰাপ্ত
সম্বৰ্ধনা লোৱাৰ মুহূৰ্তত এগৰাকী সম্বৰ্ধনা প্ৰাপ্ত

ক’ভিড-১৯ ৰ বাবে এইবেলি জিলা প্ৰশাসনে ঘৰে ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন কৰা ব্যক্তি সকল হৈছে-

  • জিলাখনৰ গহপুৰ মহকুমাৰ পশ্চিম কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰতিষ্ঠাপক অধ্যক্ষ থানেশ্বৰ ভুঞা
  • গহপুৰৰ ৰজাবাৰী গাঁওৰক্ষী বাহিনীৰ সম্পাদক নাৰায়ণ বৰুৱা
  • বালিচাং আদৰ্শ চিকিৎসালয়ৰ আশাকৰ্মী অম্ফু বেইপী
  • বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ চাফাই কৰ্মী গোৰখ নাথ বাচফৰ
  • এক দুৰ্ভাগ্যজনক ঘটনাত দুই হাত হেৰুৱায়ো সাহসিকতাৰে কৃষি কৰ্মৰ জৰিয়তে জীৱন যুঁজত অৱতীৰ্ণ হোৱা গহপুৰৰ কলাবাৰী কলমৌগুৰি গাৱঁৰ উদ্যমী কৃষক মিন্টু নাওহলীয়া
  • পশ্চিম মিজিকাত জৈৱিক কৃষি পদ্ধতিৰে ইতিবাচক বাৰ্তা কঢ়িয়াই অনা কৃষক দিগন্ত বৰা
  • গহপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বহুমুখী স্বাস্থ্য কৰ্মী নজৰুল হুছেইন
  • বিশ্বনাথ চাৰিআলিৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লেবৰেটৰী টেকনিচিয়ান বিশ্বপ্ৰিয় দত্ত
  • চতিয়াৰ শ'লাল গাঁও অংগনবাড়ী কেন্দ্ৰৰ অংগনবাড়ী কৰ্মী কৃষ্ণা দাস
  • বিশ্বনাথৰ নতুন গাঁও পূব অংগনবাড়ী কেন্দ্ৰৰ অংগনবাড়ী কৰ্মী অঞ্জনা দাস
  • নপমুৱাৰ গাওঁবুঢ়া ইন্দ্ৰ লমিচানে
  • দিৰিং পথাৰ হাইস্কুলৰ বিজ্ঞান শিক্ষক কাজি মইনুল ইচলাম
  • চতিয়া জ্ঞান বিকাশ একাডেমীৰ সহকাৰী প্ৰধান শিক্ষক ডঃ পৰাগজ্যোতি হাজৰিকা
  • এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান লাভ কৰি জিলাখনলৈ গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হোৱা লিটিল ষ্টাৰ স্কুলৰ ছাত্ৰ মিছবাহুল কৰিম
  • বিশ্বনাথৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কণিষ্ঠ অভিযন্তা চৈয়দ হাদিউল ইছলাম,
  • বৰগাং শাখাৰ শাখা সহায়ক ৰাজেন হাজৰিকা
  • খালাচী কৰ্মচাৰী বিৰেশ্বৰ হাজৰিকা
  • অগ্নি আৰু জৰুৰীকালীন সেৱাৰ আস্থান বিষয়া পৱন দেউৰী আৰু সতীৰ্থ কৰ্মচাৰী সকল
    উপায়ুক্তৰ সম্বৰ্ধনা প্ৰদান
    সম্বৰ্ধনা লোৱাৰ মুহূৰ্তত এগৰাকী সম্বৰ্ধনা প্ৰাপ্ত...

আনহাতে 74 তম স্বাধীনতা দিৱস নাতিদীৰ্ঘ আৰু সীমিত কাৰ্যসূচী ৰূপায়নৰ ক্ষেত্ৰত আগবঢ়োৱা সহায়-সহযোগিতাৰ বাবে জিলাবাসীক উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়কঃ অৰ্থনৈতিক অনুসন্ধান বিভাগে জব্দ কৰিলে ২৬ কিল'গ্ৰাম সোণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.