ETV Bharat / state

Ganja seized in Barpeta: হাউলীত বুজন পৰিমাণৰ গাঞ্জাসহ এগৰাকী মহিলাক আটক

author img

By

Published : Oct 11, 2022, 7:26 PM IST

বৰপেটা জিলাৰ হাউলী বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ (Ganja seized at Howly)। ঘটনা সন্দৰ্ভত এগৰাকী মহিলাকো আটক কৰে আৰক্ষীয়ে । প্ৰায় ২ কেজি ৩৩০ গ্ৰাম গাঞ্জাৰ লগতে দুখন স্কুটী আৰু এটা মোবাইল জব্দ ।

Ganja seized in Barpeta
হাউলীত বুজন পৰিমাণৰ গাঞ্জাসহ এগৰাকী মহিলাক আটক

বৰপেটা, ১১ অক্টোবৰ : সম্প্ৰতি ড্ৰাগছ আৰু গাঞ্জাৰ ঘাটিত পৰিণত হৈছে হাউলী চহৰ । হাউলী আৰক্ষীয়ে প্ৰায় প্ৰতিদিনে অভিযান চলাই ইজনৰ পাছত আনজন গাঞ্জা ব্যৱসায়ীক আটক কৰি জেললৈ পঠিয়াবলৈ সক্ষম হৈছে (Drugs peddler arrested in Howly)। একেদৰে হাউলী আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত সোমবাৰে নিশা পুনৰ হাউলী চহৰৰ ১০ নং ৱাৰ্ডত অভিযান চলাই এগৰাকী গাঞ্জা ব্যৱসায়ৰ লগত জড়িত মহিলাক আটক কৰে (Assam police raid against Ganja peddler)।

মহিলাগৰাকীৰ ঘৰৰ পৰা হাউলী আৰক্ষীয়ে প্ৰায় ২ কেজি ৩৩০ গ্ৰাম গাঞ্জাৰ লগতে দুখন স্কুটী আৰু এটা মোবাইল জব্দ কৰিবলৈ সক্ষম হৈছে (Woman detained with Ganja in Howly)। জব্দ কৰা এখন স্কুটীৰ পঞ্জীয়ন নথকাৰ লগতে এখনৰ নম্বৰ হৈছে AS-01-Q-9425 । প্ৰাপ্ত খবৰ অনুসৰি আটকাধীন মহিলাগৰাকীৰ স্বামী শ্বফিকুল ইছলামে দীৰ্ঘদিন ধৰি হাউলী বজাৰত গাঞ্জা ব্যৱসায় চলাই আহিছিল ।

উল্লেখ্য যে, সোমবাৰে নিশা চক্ৰ আৰক্ষী বিষয়া চানক্য দেউৰীসহ হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গোপাল বৰাই আৰক্ষীৰ এটা দলৰ সৈতে এই অভিযান চলায় (Howly police raid against Ganja)।

হাউলীত বুজন পৰিমাণৰ গাঞ্জাসহ এগৰাকী মহিলাক আটক

ইফালে শ্বফিকুল ইছলাম পলাতক অৱস্থাত আছে বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে । যোৱা কিছুদিন পূৰ্বে হাউলীৰ দুই স্থানৰ পৰা ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত মহিলাক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে । ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে এই ধৰণৰ অপৰাধমূলক কাৰ্যকলাপত পুৰুষৰ সমান্তৰালকৈ মহিলাও জড়িত হৈ আছে ।

লক্ষণীয়ভাৱে অসমৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে । মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ড৹ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হ'বলৈ আৰক্ষীক নিৰ্দেশ দিছিল । সেই নিৰ্দেশ পালন কৰি ইতিমধ্যে অসম আৰক্ষীয়ে বৃহৎ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । যোৱা ১৫ মাহত অসম চৰকাৰে এন ডি পি এছ আইনৰ অধীনত ৪০৮৮ টা গোচৰ পঞ্জীয়ন কৰাৰ লগতে বৃহৎ পৰিমাণৰ গাঞ্জা, আফিং, মৰ্ফিন আৰু অন্যান্য নিষিদ্ধ পদাৰ্থ জব্দ কৰিছে ।

লগতে পঢ়ক :Heroin seized in Karimganj: কৰিমগঞ্জত 76 কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.