ETV Bharat / state

বৰপেটাত দুই তালিবানী সমৰ্থক গ্ৰেপ্তাৰ

author img

By

Published : Aug 21, 2021, 5:59 PM IST

Two taliban supporter arrested
বৰপেটাত দুই তালিবানী সমৰ্থক গ্ৰেপ্তাৰ

তালিবানে কাবুল দখল কৰাৰ কাৰ্যক সমৰ্থন কৰি ৰঙাঘৰৰ আলহী হ'ল বৰপেটাৰ দুই যুৱক । তালিবানক সমৰ্থন কৰি ছ'চিয়েল মিডিয়াত পোষ্ট দিছিল যুৱকদ্বয়ে । ইয়াৰ পাছতে আৰক্ষীয়ে আটক কৰে দুয়োকে ।

বৰপেটা ২১ আগষ্ট: সুদীৰ্ঘ ২০ বছৰৰ পিছত আফগানিস্তানত পুনৰ আধিপত্য বিস্তাৰ কৰিছে তালিবানে । অনাগত দিনৰ ভয়াৱহতাৰ কথা ভাৱি শংকিত হৈ পৰিছে দেশখনৰ সাধাৰণ নাগৰিক । লগতে তালিবানৰ উত্থানে চিন্তিত কৰিছে দেশবাসীক । কিন্তু ইয়াৰ মাজতো একাংশ লোকে তালিবান সমৰ্থন জনোৱা দেখা গৈছে ।

Two taliban supporter arrested
বৰপেটাত দুই তালিবানী সমৰ্থক গ্ৰেপ্তাৰ

তালিবানে আফগানিস্তান দখল কৰাক লৈ আনন্দ প্ৰকাশ কৰি একাংশ লোকে ছ'চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰিছে বিতৰ্কিত পোষ্ট । অসমতো ফেচবুক, হোৱাটছএপ আদি বিভিন্ন ছ'চিয়েল মিডিয়াযোগে তালিবানৰ সমৰ্থনত বিভিন্নজনে মন্তব্য কৰিছে ৷ বৰপেটাত তালিবানৰ সমৰ্থনত ছ'চিয়েল মিডিয়াযোগে পোষ্ট শ্বেয়াৰ কৰি আটক হ'ল দুজন যুৱক । বৰপেটা আৰক্ষীষে আটক কৰা এই তালিবানী সমৰ্থক দুজন হৈছে মাজিদুল ইছলাম আৰু ফাৰুক হুছেইন খান ৷

বৰপেটাত দুই তালিবানী সমৰ্থক গ্ৰেপ্তাৰ

২৫ বছৰীয়া মাজিদুল ইছলামৰ ঘৰ কলগাছিয়াৰ বালিকুৰি গাঁৱত ৷ আনহাতে, ফাৰুক হুছেইন খানৰ ঘৰ বৰপেটাৰ চেঙাৰ হাঁহচৰা গাঁৱত ৷ ৩২ বছৰীয়া ফাৰুক হুছেইনেও তালিবানক সমৰ্থন কৰি ফেচবুকত পোষ্ট দিছিল ৷

ইয়াৰ পিছতে বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ নিৰ্দেশমৰ্মে দুয়োগৰাকী তালিবানী সমৰ্থকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ সম্প্ৰতি দুই তালিবানী সমৰ্থকৰ বিৰুদ্ধে তদন্ত অব্যাহত আছে ৷ বৰ্তমানেও এনে তালিবানী সমৰ্থকৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ অভিযান অব্যাহত আছে । উল্লেখ্য যে, শোণিতপুৰ, দৰং আদি জিলাতো তালিবানক সমৰ্থন কৰা লোক আৰক্ষীৰ জালত পৰিছে ।

লগতে পঢ়ক:ONGC ক অইলৰ সৈতে চামিলকৰণৰ বিৰোধিতাত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.