ETV Bharat / state

কলগাছিয়াৰ বৰভিটাত গাঞ্জাসহ দুই সৰবৰাহকাৰী আটক

author img

By

Published : Jun 16, 2021, 10:42 PM IST

কলগাছিয়া আৰক্ষীয়ে (Kalgachiya police) এক অভিযান চলাই গাঞ্জাসহ দুই সৰবৰাহকাৰীক আটক কৰে ৷ সৰবৰাহকাৰী দুজনৰ পৰা 4.5 কিলোগ্ৰাম গাঞ্জা জব্দ কৰে আৰক্ষীয়ে ৷

two ganja padler arrrested in kalgachia
কলগাছিয়াৰ বৰভিটাত গাঞ্জাসহ দুই সৰবৰাহকাৰীক আটক

জনীয়া, 16 জুন : বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানা (Kalgachiya Police Station)ৰ অন্তৰ্গত বৰভিটাত বৰভিটা আৰক্ষী (barvita Police)ৰ সহযোগত কলগাছিয়া আৰক্ষীয়ে (Kalgachiya police) এক অভিযান চলাই দুজন গাঞ্জা সৰবৰাহকাৰীক আটক কৰে ৷ গাঞ্জা সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে 4.5 কিলোগ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীৰ সূত্ৰই সদৰি কৰা মতে এক গোপন সূত্ৰৰ তথ্য ভিত্তিত এই অভিযোন চলোৱা হয় ৷ জানিব পৰা মতে কলগাছিয়া থানা (Kalgachiya Police Station) ৰ ভাৰপ্ৰাপ্ত বিষয়া দেলানন্দ দাস আৰু বৰভেটি আৰক্ষী চকীৰ বিষয়া লক্ষীন্দৰ শইকীয়াৰ নেতৃত্ব চলোৱা হৈছিল এই অভিযান ৷

কলগাছিয়াৰ বৰভিটাত গাঞ্জাসহ দুই সৰবৰাহকাৰীক আটক

দুই গাঞ্জা সৰবৰাহকাৰী নাম বৰভিটা গাঁওৰ মইনুল হক আৰু ইদ্ৰিছ আলী ৷ এই দুই গাঞ্জা সৰবাৰহকাৰীয়ে কলগাছিয়া বৃহত্তৰ অঞ্চলত গাঞ্জা ব্যৱসায় চলাই আহিছিল ৷ ইতিমধ্যে মইনুল হক আৰু ইদ্ৰিছ আলীৰ বিৰুদ্ধে আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

উল্লেখ্যে যে, কলগাছিয়া আৰক্ষী (Kalgachiya Police Station)ৰ এই অভিযানত আদৰণি জনাইছে স্থানীয় দল সংগঠনে ৷ তদুপৰি স্থানীয় দল সংগঠনৰ বিষয়ববীয়া সকলে বৃহত্তৰ কলগাছিয়া অঞ্চলত যাতে কোনো লোক ড্ৰাগছ-গাঞ্জা সৰবৰাহৰ লগতে যিকোনো অসামাজিক কাৰ্যকলাপত লিপ্ত হ'ব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে ৷

লগতে পঢ়ক:ৰাণী এলিজাবেথৰ বাহনৰ আৰ্হি নিৰ্মাণ কৰি চৰ্চাত এগৰাকী অধ্যক্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.