ETV Bharat / state

Tirubhav Tithi of Srimanta Sankardev 2023: বৰপেটা সত্ৰত পালন মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱ তিথি

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 10:42 AM IST

Updated : Sep 16, 2023, 1:09 PM IST

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি ৷ ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰতো পালন কৰা হৈছে মহাপুৰুষ শংকৰদেৱৰ 455 সংখ্যক তিৰোভাৱ তিথি ৷

Tirobhav Tithi of Srimanta Sankardeva 2023
বৰপেটা সত্ৰতো পালন মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱ তিথি

বৰপেটা সত্ৰতো পালন মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱ তিথি

বৰপেটা, 16 ছেপ্টেম্বৰ : অসমীয়া সাহিত্য-সংস্কৃতি, ধৰ্ম-দৰ্শন, সমাজ আৰু সংস্কৃতিৰ মূল চালিকা শক্তি বৈষ্ণৱ ধৰ্ম প্ৰচাৰক জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ আজি তিৰোভাৱ তিথি ৷ মহাপুৰুষ শংকৰদেৱৰ 455 সংখ্যক তিৰোভাৱ তিথিৰ উপলক্ষে গুৰু বন্দনাৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰ ৷ গুৰুজনাৰ একান্ত শিষ্য মাধৱ গুৰুৱে স্থাপন কৰা ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰতো পালন কৰা হৈছে মহাপুৰুষ শংকৰদেৱৰ 455 সংখ্যক তিৰোভাৱ তিথি মহোৎসৱ ৷

সম্পূৰ্ণ সত্ৰীয়া ৰীতি-নীতি, পৰম্পৰাৰে বৰপেটা সত্ৰত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ পালন কৰা হৈছে ৷ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে আজি পুৱাৰ পৰাই বৰপেটা সত্ৰত ভক্তসকলে গুৰুজনাৰ প্ৰতি সেৱা আগবঢ়োৱাৰ লগতে সত্ৰত পালিত নাম-প্ৰসংগত অংশগ্ৰহণ কৰে ৷ বৰপেটা সত্ৰত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথিৰ দিনটো কীৰ্তন মহোৎসৱ হিচাপে পালন কৰা হৈ আহিছে ৷ গুৰুজনাৰ কীৰ্তন মহোৎসৱ উপলক্ষে আজি বৰপেটা সত্ৰত পুৱাৰ গীত আৰু ভটিমা গোৱাৰ পিচতে ঘোষাপাঠ কৰা হয় ৷

আনহাতে সত্ৰৰ গায়ন বায়নে গুৰুঘাট পৰিবেশন কৰি ভোজন ব্যৱহাৰ অংক ৰূপায়ন কৰে ৷ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে বৰপেটা সত্ৰত বিবিধ সত্ৰীয়া প্ৰসংগ আৰু হৰি-নাম, কীৰ্তনৰ ধ্বনিত এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰে ৷ সত্ৰৰ কীৰ্তনঘৰৰ ভিতৰত গায়ন বায়নৰ বিবিধ সত্ৰীয়া ৰীতি পৰম্পৰা পৰিবেশনৰ লগতে সত্ৰৰ প্ৰসংগত ভক্তসকলে সভক্তিৰে অংশগ্ৰহণ কৰে ৷

সত্ৰৰ ডেকাসত্ৰীয়াই প্ৰসংগ ভাগ লোৱাৰ লগতে ভক্তসকলক আশীষ-নিৰ্মালী প্ৰদান কৰে ৷ ইপিনে বিয়লি সত্ৰত ঘোষা কীৰ্তন আৰু ব্যাস কীৰ্তন কৰা হ’ব ৷ গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ উপলক্ষে বৰপেটা সত্ৰৰ বৃন্দাবনহাটীৰ ভক্তসকলে গায়ন-বায়ন, ওজাপালি আৰু নাম কীৰ্তনৰে সৈতে বিশাল সমদল কৰি সত্ৰত কৰভাৰ প্ৰদান কৰিব ৷ ভক্তসকলে সত্ৰত কৰভাৰ প্ৰদান কৰিবলৈ যোৱাৰ সময়ত পথৰ দুয়োকাষে অজস্ৰ ভক্তৰ সমাগম হয় ৷

লগতে পঢ়ক:Theft Incident: দিন দুপৰতে চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত চোৰ

Last Updated : Sep 16, 2023, 1:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.