ETV Bharat / state

বৰপেটা মেডিকেল কলেজ চিকিৎসালয়ত পুনৰ তিনিগৰাকীৰ দেহত কোভিড-19 পজিটিভ

author img

By

Published : Jul 7, 2020, 9:37 PM IST

চিকিৎসালয়খনত চিকিৎসাধীন দুগৰাকী প্ৰসূতি আৰু শৈল বিভাগত চিকিৎসাধীন আন এগৰাকী ৰোগী আক্ৰান্ত হ'ল কোভিড-19ত

three-more-positive-case-at-borpeta-medical-college-hospital
বৰপেটা মেডিকেল কলেজ চিকিৎসালয়ত পুনৰ তিনিগৰাকীৰ দেহত কোভিড-19 পজিটিভ

বৰপেটা,৭জুলাইঃ বৰপেটা মেডিকেল কলেজ চিকিৎসালয়ত মঙলবাৰে পুনৰ তিনিজনকৈ ৰোগী আক্ৰান্ত হ'ল ক‘ৰণাত ৷ চিকিৎসালয়খনত চিকিৎসাধীন দুগৰাকী প্ৰসূতি আৰু শৈল বিভাগত চিকিৎসাধীন আন এগৰাকী ৰোগী আক্ৰান্ত হ'ল কোভিড-19ত ৷ এই ঘটনাৰ পিছতেই ২৪ ঘন্টাৰ বাবে বৰপেটা মেডিকেল কলেজ চিকিৎসালয় খনৰ অস্ত্ৰোপচাৰ কক্ষ ছীল কৰি দিছে চিকিৎসালয় কৰ্তৃপক্ষই ৷ বৰপেটা মেডিকেল কলেজ চিকিৎসালয় অধীক্ষক ডা৹ ববীজিৎ গোস্বামীয়ে সাংবাদিকৰ আগত সদৰি কৰে এই তথ্য ৷

বৰপেটা মেডিকেল কলেজ চিকিৎসালয়ত পুনৰ তিনিগৰাকীৰ দেহত কোভিড-19 পজিটিভ

অধীক্ষক গৰাকীয়ে জনোৱা মতে, ক‘ৰণাত আক্ৰান্ত প্ৰসূতি দুগৰাকী হৈছে বাঘবৰৰ কপোহা গাঁৱৰ গীতামনি সূত্ৰধৰ আৰু কলগাছিয়াৰ আবিদা খাতুন ৷ আনহাতে শৈল বিভাগত চিকিৎসাধীন হৈ থকা ক‘ৰণাত আক্ৰান্ত ৰোগীজন বহৰিৰ সমীপৰ মালিপাৰাৰ আলিম শিকদাৰ ৷ গীতামনি সূত্ৰধৰ আৰু আবিদা খাতুনৰ স্বাৱ পৰীক্ষাত প্ৰসূতি দুগৰাকীৰ শৰীৰত কোভিড-19 পজিটীভ চিনাক্ত হয় ৷ অবশ্যে নৱজাত শিশুদুটি সুস্থ ভাৱে আছে যদিও শিশুদুটাক সম্প্ৰতি আইছ'লেছন ৱাৰ্ডত ৰখা হৈছে ৷ ইয়াৰ পূৰ্বেও বৰপেটা মেডিকেল কলেজ চিকিৎসালয়ৰ চিকিৎসক, নাৰ্চ, স্বাস্থ্যকৰ্মী আৰু চাফাই কৰ্মীকে ধৰি কেবাগৰাকীও প্ৰসূতি আৰু আন বিভাগৰ ৰোগী আক্ৰান্ত হৈছিল ক‘ৰণাত ৷

লগতে পঢ়কঃ আহাৰৰ পথাৰত বীজ সিচাত ব্যস্ত চহা কৃষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.