ETV Bharat / state

বামুণটাৰীত চোৰে চলালে চাফাই অভিযান

author img

By

Published : Apr 25, 2021, 10:55 AM IST

বামুনটাৰীত চোৰে চলালে চাফাই অভিযান
বামুনটাৰীত চোৰে চলালে চাফাই অভিযান

বামুণটাৰীৰ ছুমা এণ্টাৰপ্ৰাইজত শনিবাৰে নিশা চোৰে চলালে চাফাই অভিযান ৷ এণ্টাৰপ্ৰাইজৰ তলা ভাঙি চোৰে লুটিলে নগদ 50 হাজাৰ টকাৰ লগতে লক্ষাধিক টকাৰ সামগ্ৰী ।

জনীয়া,25 এপ্ৰিল: বৰপেটাৰ জনীয়াত ক্ৰমাৎ বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা ৷ দৈনিক চোৰৰ তাণ্ডৱে ত্ৰাসৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ৷ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত সঘনাই চুৰিকাণ্ড সংঘটিত হৈ আছে ৷ বৃহত্তৰ অঞ্চলটোত সান্ধ্য আইনৰ মাজতে শনিবাৰে পুনৰ সংঘটিত হৈছে চুৰিকাণ্ড ৷ বামুণটাৰীৰ ছুমা এণ্টাৰপ্ৰাইজত নিশা চোৰে চলালে চাফাই অভিযান ৷

বামুনটাৰীত চোৰে চলালে চাফাই অভিযান
বামুণটাৰীত চোৰে চলালে চাফাই অভিযান

প্ৰশাসনৰ নিৰ্দেশ অনুযায়ী প্ৰতিদিনে সন্ধিয়া 6 বজাৰ পিছত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ হৈ থকাৰ সুযোগতে ছুমা এণ্টাৰপ্ৰাইজৰ তলা ভাঙি চোৰে লুটিলে নগদ 50 হাজাৰ টকাৰ লগতে লক্ষাধিক টকাৰ অন্যান্য সা-সামগ্ৰী । ইফালে, কলগাছিয়াৰ বিভিন্ন ঠাইত তীৰ, জুৱা আদি খেল চলি থকাৰ বাবে চোৰৰ উপদ্ৰৱ বৃদ্ধি পোৱা বুলি মত প্ৰকাশ কৰিছে একাংশ লোকে ৷

লগতে পঢ়ক: কৰ’ণাতংক: মৰাণহাট ৰে’ল ষ্টেচনত ক’ভিড প্ৰট’কল জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.