ETV Bharat / state

বেকী নদীৰ গৰাখহনীয়াৰ পৰ্যবেক্ষণ নাৱাৰ্ড আৰু বিশ্ব বেংকৰ প্ৰতিনিধিৰ

author img

By

Published : Apr 11, 2022, 7:04 PM IST

বিগত দহ বছৰ ধৰি বেকী নৈৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি গুইলেজা, বৰডাংগা, চৰচৰীয়া, জেকনিকুৰা, মিনিছিমলা আদি ৰাজহ গাঁও সমূহ নিশ্চিহ্ন কৰি পেলোৱৰ পিছত সম্প্ৰতি সাৰ পাই উঠিল প্ৰশাসন ৷ সোমবাৰে বেকী নদীৰ গৰাখহনীয়াৰ পৰ্যবেক্ষণৰ বাবে আহিল নাৱাৰ্ড আৰু বিশ্ব বেংকৰ প্ৰতিনিধিৰ দল (Team from NABARD and World Bank observed Beki River erosion) ৷

Team from NABARD and World Bank observed Beki River erosion
বেকী নদীৰ গৰাখহনীয়াৰ পৰ্যবেক্ষণৰ বাবে আহিল নাৱাৰ্ড আৰু বিশ্ব বেংকৰ প্ৰতিনিধিৰ দল

জনিয়া, 11 এপ্ৰিল : বেকী নদীৰ গৰাখহনীয়াই কলগাছিয়াত লৈছে ভয়ংকৰ ৰূপ (Erosion of Beki river) ৷ বাৰিষাৰ অহাৰ লগে লগে বেকী নৈৰ কালৰূপে নিদ্ৰা হৰণ কৰিছে স্থানীয় লোকৰ (Erosion of Beki river at Kalgachia) ৷ বিগত দহ বছৰ ধৰি কলগাছিয়া ৰাজহ চক্ৰৰ মাজেদি বৈ যোৱা বেকী নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি গুইলেজা, বৰডাংগা, চৰচৰীয়া, জেকনিকুৰা, মিনিছিমলা আদি ৰাজহ গাঁও সমূহ নিচিহ্ন কৰি পেলোৱাৰ লগতে বানপানীৰ প্ৰাক মূহুৰ্তত গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰি চৰ গুইলেজাত কেইবাটাও পৰিয়ালৰ ঘৰ-ভেটি উচন কৰিছে ৷

তেনে সময়তে সোমবাৰে বৰপেটা জিলা প্ৰশাসনৰ লগতে নাৱাৰ্ড আৰু বিশ্ব বেংকৰ প্ৰতিনিধিৰ দল এটাই বেকী নদীৰ পাৰত খহনীয়াৰ বুজ ল’বলৈ আহে যদিও কেতিয়াৰ পৰা এই কাম আৰম্ভ কৰা হ’ব তাৰ কোনোধৰণৰ নিশ্চয়তা প্ৰকাশ কৰিব পৰা নাই প্ৰশাসনৰ লগতে প্ৰতিনিধি দলটোৱে (Team from NABARD and World Bank observed Beki River erosion) ।

বেকী নদীৰ গৰাখহনীয়াৰ পৰ্যবেক্ষণৰ বাবে আহিল নাৱাৰ্ড আৰু বিশ্ব বেংকৰ প্ৰতিনিধিৰ দল

গতিকে প্ৰশাসনক বিকল্প ঘাইপথটো অতি শীঘ্ৰেই মেৰামতি কৰি বেকী নৈৰ গৰাখহনীয়াৰ সমস্যা নিয়ন্ত্ৰণ আৰু সমাধান কৰাৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায় ৰাইজে । অন্যথা অঞ্চলটো অচিৰেই বেকীৰ বুকুত জাহ যাব বুলি উল্লেখ কৰিছে স্থানীয় ৰাইজ (Erosion of Beki river at Kalgachia) ৷

সম্প্ৰতি, এই খহনীয়াত আমগুৰি-কৰাৰকুৰ সংযোগী পথলৈও তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে । তাৰ লগতে কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আদৰ্শ বিদ্যালয়লৈ তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে এই গৰাখহনীয়াই । খৰালিৰ সময়ত খহনীয়াৰ স্থায়ী প্ৰতিৰোধ কৰা হ’ব বুলি জিলা উপায়ুক্ত আৰু জন প্ৰতিনিধিসকলে ৰাইজক প্ৰতিশ্ৰুতি দিছিল যদিও অৱশেষত ই ধোঁৱা চাঙত পৰিণত হৈছে ।

লগতে পঢ়ক : মাজুলীৰ মিচাৰমৰাত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.