ETV Bharat / state

Students protest demanding Concrete bridge: কলগাছিয়াত পকী দলং নিৰ্মাণৰ দাবী কণ কণ ছাত্ৰ-ছাত্ৰীৰ

author img

By

Published : Feb 16, 2023, 1:57 PM IST

কলগাছিয়াৰ ভেড়াগাঁৱত পকী দলং নিৰ্মানৰ দাবীত কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ (Demanding construction of concrete bridge in Kolgachia) । পকী দলং বিচাৰি হিমন্ত মামাক অনুৰোধ কণ কণ ছাত্ৰ ছাত্ৰীৰ ৷ জৰাজীৰ্ণ সাঁকোৰে মৰণত শৰণ দি যাতায়ত কৰিছে স্থানীয় ৰাইজে ।

Demand for construction of  bridge at Bheragaon in Kolgachia
Dilapidated bamboo bridge in Kalgasia

Dilapidated bamboo bridge in Kalgasia

জনীয়া, ১৬ ফেব্ৰুৱাৰী: ৰাজ্য় চৰকাৰে যাতায়তৰ ক্ষেত্ৰত উন্নয়ন হোৱা বুলি দাবী কৰি অহাৰ সময়তে এখন ভগ্ন সাঁকোয়ে যমৰ যাতনা ভোগাইছে বৰপেটা জিলাৰ কলগাছিয়াৰ কেইবাখনো গাঁৱৰ সহস্ৰাধিক ৰাইজক (Dilapidated bamboo bridge in Kalgasia)৷ এই ভগ্ন সাঁকোখনেৰে বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীকে ধৰি অঞ্চলটোৰ ৰাইজে মৰণত শৰণ দি বিপদসংকুল যাত্ৰা অব্যাহত ৰাখিবলগীয়া হৈছে ৷ এই অঞ্চলটোৰ ৰাইজে জনপ্ৰতিনিধিক বাৰম্বাৰ এখন দলং নিৰ্মাণৰ বাবে দাবী জনাই আহিছে যদিও আজি পৰ্যন্ত কোনো সুফল লাভ কৰা নাই । সেয়েহে এইবাৰ দলং নিৰ্মাণৰ বাবে বৃহস্পতিবাৰে মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনালে কণ কণ ছাত্ৰ-ছাত্ৰীসকলে (Students protest demanding Concrete bridge) ।

জিলাখনৰ কলগাছিয়াৰ ভেড়াগাঁৱত ৰাইজৰ লগতে কণ কণ ছাত্ৰ-ছাত্ৰীসকলে দীৰ্ঘদিন ধৰি যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনাত ভুগি আহিছে (Dangerous condition of bamboo bridge in Kalgasia)। মৰা বিলত এখন জৰাজীৰ্ণ বাঁহৰ সাঁকোৰ ওপৰেৰে মৰণত শৰণ দি যাতায়ত কৰিব লগীয়া হয় । বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকূল যাতায়তক লৈ শংকিত হৈ পৰিছে অভিভাৱকসকল । প্ৰতি বছৰে ৰাইজৰ দান বৰঙনি আৰু বাঁহ আদি সংগ্ৰহ কৰি কোনো মতে এখন সাঁকো নিৰ্মাণ কৰি বিপদ সংকুল অৱস্থাত যাতায়ত কৰি আহিছে অঞ্চলটোৰ ৰাইজে । এই বিপদ সংকুল যাত্ৰাৰ ফলতে কেইবাজনো লোক ইতিমধ্যে দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হোৱা বুলি ৰাইজে উল্লেখ কৰিছে ৷

এখন পকী দলং নথকা বাবে ১০৮ এম্বুলেন্স সেৱা, অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ সেৱাৰ পৰাও ৰাইজ বঞ্চিত হৈ আহিছে । স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো পৰিবৰ্তন নহ'ল ভেড়াগাঁৱৰ পথ আৰু দলং । সেয়ে পকী দলং নিৰ্মাণৰ দাবীত কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ (Public protest for bridge in Kalgasia) । এই ক্ষেত্ৰত গাঁওখনৰ ৰাস্তা-ঘাটৰ উপৰি মৰা বিলৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰি যাতায়ত ব্যৱস্থা সুচল কৰিবলৈ ৰাইজে আহ্বান জনাইছে । যদিহে চৰকাৰে দলং নিৰ্মাণৰ বাবে ব্য়ৱস্থা গ্ৰহণ নকৰে তেন্তে অহা লোকসভা নিৰ্বাচনত ইয়াৰ প্ৰতুত্তৰ দিব বুলি ক্ষুব্ধ ৰাইজে সঁকীয়াই দিয়ে ।

উল্লেখ্য় যে যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে স্থানীয় ৰাইজে ভোট বিচাৰি অহা প্ৰতিগৰাকী জনপ্ৰতিনিধিক এখন দলং নিৰ্মাণৰ বাবে আহ্বান জনাইছিল । নিৰ্বাচনত জয়ী হ'লে জনপ্ৰতিনিধিয়ে দলং নিৰ্মাণৰ আশ্বাস দিছিল যদিও ৰাইজে আজিলৈকে কোনো সুফল নাপালে । সেয়েহে এতিয়া ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক:Mahashivratri 2023: এই ৫ বিধ সামগ্ৰী অৰ্পণ কৰিলে ৰুষ্ট হ'ব পাৰে মহাদেৱ; জানি লওক ইয়াৰ কাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.