ETV Bharat / state

ৰূপসী উন্নয়ন খণ্ডৰ কৰ্মচাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অমান্যৰ অভিযোগ

author img

By

Published : Jun 15, 2021, 9:52 AM IST

কলগাছিয়াস্থিত ৰূপসী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত দিন-দুপৰলৈ অনুপস্থিত সৰহ সংখ্যক বিষয়া-কৰ্মচাৰী ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ক'ভিডৰ দুয়ো পালি প্ৰতিষেধক গ্ৰহণ কৰা প্ৰত্যেকজন চৰকাৰী কৰ্মচাৰীক কাৰ্যালয়ত উপস্থিত থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল ৷ এইসকল কৰ্মচাৰীয়ে সেই নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাইছে বুলি উত্থাপিত হৈছে অভিযোগ ৷

state-government-employees-with-irregular-attitude-breaks-cm-himanta-bishwa-sarmas-order
মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন এচাম চৰকাৰী কৰ্মচাৰীৰ

জনিয়া,15 জুন : শেহতীয়াকৈ বৰপেটাৰ কলগাছিয়াস্থিত ৰূপসী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ একাংশ কৰ্মচাৰীৰ চূড়ান্ত দায়িত্বহীনতাই ৰাজ্য চৰকাৰৰ বিষয়া-কৰ্মচাৰী নিয়ন্ত্ৰণৰ ওপৰত থকা অসমৰ্থতা উদঙাই দিছে । স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই(CM Himanta Bishwa Sarma) ক'ভিডৰ দুয়ো পালি প্ৰতিষেধক গ্ৰহণ কৰা প্ৰত্যেকজন চৰকাৰী বিষয়া-কৰ্মচাৰীক নিয়মিতভাৱে কাৰ্যালয়ত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়াৰ পিছতো এই নিৰ্দেশনাক লৈ কোনো ভ্ৰূক্ষেপ নাই একাংশ বিষয়া-কৰ্মচাৰীৰ । দিনৰ 11.30 বজাৰ পিছতো কাৰ্যালয়ত উপস্থিত নহয় অধিকাংশ বিষয়া-কৰ্মচাৰী ।

সোমবাৰে কাৰ্যালয়ত মাত্ৰ খণ্ড উন্নয়ন বিষয়াৰ(block development officer) লগতে এক তৃতীয়াংশ কৰ্মচাৰীকহে উপস্থিত হোৱা দেখা যায় ৷ ইয়াৰ বিপৰীতে দেখা পোৱা নগ’ল কোনো এজন কনিষ্ঠ অভিযন্তাক ৷ অধিকাংশ পঞ্চায়তৰ কামত নিয়োজিত কৰ্মচাৰীৰ অনুপস্থিতিত প্ৰয়োজনীয় কাৰ্য সম্পাদন কৰিবলৈ গাঁও পঞ্চায়ত(GP) এলেকাৰ ৰাইজ এতিয়া বিপাঙত পৰিছে ৷

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন এচাম চৰকাৰী কৰ্মচাৰীৰ

এতিয়া প্ৰশ্ন উত্থাপন হৈছে সততে নিজৰ বলিষ্ঠ সিদ্ধান্ত আৰু কঠোৰ স্থিতিৰ বাবে চৰ্চিত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী অথবা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ দাসৰ (Panchayt and Rural Developement minister Ranjit Das) এইসকল বিষয়া-কৰ্মচাৰীক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত স্থিতি কি হ’ব ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাকো বুঢ়া আঙুলি দেখুৱাই কৰ্তব্যত গাফিলতি কৰি মাত্ৰ দৰমহাৰ নামত ৰাজকোষৰ ভঁড়াল খালী কৰাই উদ্দেশ্য হিচাপে লোৱা ৰাজ্যৰ বহু বিভাগৰ বিষয়া-কৰ্মচাৰীৰ দায়বদ্ধতা কোনে সোঁৱৰাই দিব বুলিও সচেতন মহলত উত্থাপিত হৈছে প্ৰশ্নৰ ৷

লগতে পঢ়ক: Etv Bharat news impact: গোলাঘাটৰ চয়নিকালৈ মুখ্যমন্ত্ৰীৰ সাহায্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.