ETV Bharat / state

দিল্লী অভিমুখী SSB ৰ চাইকেল ৰেলীৰ সদস্যসকলক বৰপেটাৰোডত সম্ভাষণ

author img

By

Published : Aug 30, 2021, 7:44 PM IST

দেশৰ স্বাধীনতাৰ ৭৫ বছৰ হোৱা উপলক্ষে “ আজাদি কা অমৃত মহোৎসৱ" শীৰ্ষক এক বিশেষ কাৰ্য্যসূচী গ্ৰহণ কৰিছে ৷ এই উপলক্ষে এছ এছ বিৰ উদ্যোগত উলিওৱা চাইকেল ৰেলীৰ দলটো বৰপেটা জিলা উপস্থিত হোৱা পাচতে বৰপেটাৰোডৰ শিমলাগুড়ী চ’কত এছ এছ বিৰ ২৭ নম্বৰ বেটেলিয়নৰ গুৱাগাছা কেম্পে আদৰণি জনায় ৷

SSB Cycle Rally
দিল্লী অভিমুখী SSB ৰ চাইকেল ৰেলীৰ সদস্যসকলক বৰপেটাৰোডত সম্ভাষণ

বৰপেটাৰোড 29 আগষ্ট : কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে দেশৰ স্বাধীনতাৰ ৭৫ বছৰ হোৱা উপলক্ষে “ আজাদি কা অমৃত মহোৎসৱ " শীৰ্ষক এক বিশেষ কাৰ্য্যসূচী গ্ৰহণ কৰিছে ৷ এই কাৰ্যসূচীৰ লগতে সংগতি ৰাখি সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বিৰ উদ্যোগত গুৱাহাটীৰ পৰা নতুন দিল্লীলৈ এক চাইকেল ৰেলীৰ আয়োজন কৰা হৈছে ৷

এই চাইকেল ৰেলী শনিবাৰে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে গুৱাহাটীত ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে ৷ এই চাইকেল ৰেলীৰ দলটো আহি বৰপেটা জিলা পাওঁতে বৰপেটাৰোডৰ শিমলাগুড়ী চ’কত এছ এছ বিৰ ২৭ নম্বৰ বেটেলিয়নৰ গুৱাগাছা কেম্পে আদৰণি জনায় ৷

দিল্লী অভিমুখী SSB ৰ চাইকেল ৰেলীৰ সদস্যসকলক বৰপেটাৰোডত সম্ভাষণ

লগতে পঢ়ক: গুৱাহাটীত বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ

এই অনুষ্ঠানত সেনা বাহিনীৰ ডি আই জি জগদীশ পাল সিং, এছ এছ বিৰ ২৭ নম্বৰ বেটেলিয়নৰ অধিনায়ক অভিশেষ আনন্দ, এছ এছ বিৰ ৬৪ বেটেলিয়নৰ অধিনায়ক নন্দ কিশোৰ তামাতে উপস্থিত থাকি চাইকেল ৰেলীত অংশগ্ৰহণ কৰা এছ এছ বিৰ জোৱান সকলক আদৰণি জনোৱাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে ৷

উল্লেখ্য যে, জোৱান সকলে এছ এছ বিৰ ৬৪ বেটেলিয়নৰ গুৱাগাছা কেম্পত এটা নিশা কটাই পুৱা দিল্লী অভিমুখে চাইকেলেৰে যাত্ৰা আৰম্ভ কৰে ৷

লগতে পঢ়ক: হোজাইত যুৱকৰ মৃত্যুক লৈ চাঞ্চল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.