ETV Bharat / state

School amalgamation: হিমন্ত মামাক বিদ্যালয়খন ঘূৰাই দিবলৈ অনুৰোধ এজাক কণমানিৰ

author img

By

Published : Aug 2, 2023, 6:34 PM IST

Updated : Aug 3, 2023, 8:44 AM IST

School amalgamation in Barpeta
বিদ্য়ালয় একত্ৰীকৰণক লৈ বৰপেটাত হাহাকাৰ

অনিশ্চিত হৈ পৰিছে এখন বিদ্যালয়ৰ প্ৰায় ২৬ টি শিশুৰ ভৱিষ্যত । শিক্ষাৰ পোহৰৰ পৰা বঞ্চিত হোৱাৰ দিশে শিশুকেইটি । তেওঁলোকৰ লগত এনে অন্যায় নকৰিবলৈ আহ্বান জনালে শিশুকেইটিয়ে । কিন্তু কিয় ? জানিবলৈ চাওক এই প্ৰতিবেদন ।

বিদ্য়ালয় একত্ৰীকৰণক লৈ বৰপেটাত হাহাকাৰ

বৰপেটা,২ আগষ্ট: ‘‘আমি বিদ্যালয়খন এৰি যাব নোৱাৰো । লাগিলে আমি নপঢ়ো । আমাৰ বিদ্যালয়খন কাকো নিবলৈ নিদিওঁ । আমি বিদ্যালয়খন কাকো ভাঙিবলৈ নিদিও । হিমন্ত মামাক অনুৰোধ আমাক বিদ্যালয়খন ঘূৰাই দিয়ক ।’’ এয়া, বৰপেটাৰ হিলেপাৰা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মন্তব্য ৷ তেওঁলোক আজি নিৰুপায়, তেওঁলোক আজি অসহায় । কিয়নো ইমানদিনে তেওঁলোকে অধ্যয়ন কৰি অহা বিদ্যালয়খন এতিয়াৰ পৰা আৰু নাই । একত্ৰীকৰণ কৰা হ'ল আন এখন বিদ্যালয়ৰ সৈতে ।

বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ এখন অতি পিচপৰা গাঁও হিলেপাৰা ৷ এই গাঁওখনত থকা প্ৰাথমিক বিদ্যালয়খন বন্ধৰ বাবে শিক্ষা বিভাগে দিয়া নিৰ্দেশক লৈ কণ কণ শিশুসকলৰ লগতে গাঁওবাসীৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ ৷ গাঁওবাসীৰ অভিযোগ যে, ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম হোৱাৰ বাবেই হিলেপাৰা প্ৰাথমিক বিদ্যালয়খন বৰপেটা জিলাৰে আমৃখোৱা প্ৰাথমিক বিদ্যালয়ৰ সৈতে একত্ৰীকৰণৰ নিৰ্দেশ দিছে শিক্ষা বিভাগে ৷

ইফালে,আমৃখোৱা গাঁৱলৈ যাবলৈ হিলেপাৰাবাসীৰ নাই উপযুক্ত পথ ৷ বাৰিষাৰ তিনিমাহ পথটো বানত ডুবি থকাৰ লগতে আন সময়তো পথটোৰে যাতায়াত কৰাটো শিশুসকলৰ বাবে অসম্ভৱ ৷ কাৰণ বিলৰ পাৰৰ পথেৰে ছাত্ৰ ছাত্ৰীসকলে প্ৰায় দুই কিলোমিটাৰ পথ খোজকাঢ়ি বিদ্যালয়লৈ যোৱাটো সম্ভৱপৰ নহয় ৷ সেয়ে কণ কণ শিশুসকল এতিয়া বিদ্যালয়ৰ অভাৱত শিক্ষাৰ পৰা বঞ্চিত হোৱাটো নিশ্চিত হৈ পৰিছে ৷

ইমানদিনে অধ্যয়ন কৰি থকা বিদ্যালয়খন বন্ধৰ নিৰ্দেশ দিয়াৰ পিছতে এতিয়া গাঁওখনৰ ২৬ টি শিশুৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিছে ৷ বিদ্যালয় বন্ধৰ নিৰ্দেশৰ পিচতে এইদৰে শিশুসকলে মুখ্যমন্ত্ৰীলৈ জনাইছে কাতৰ অনুৰোধ, হিমন্ত মামা আমাৰ বিদ্যালয়খন বন্ধ নকৰিব ৷ পিছে, কণ কণ শিশুকেইটিৰ কাতৰ আহ্বান শুনিবনে চৰকাৰে ?

লগতে পঢ়ক: Blisters in LPG cylinders in Majuli: LPG চিলিণ্ডাৰে বিপদ মাতিলে মাজুলীৰ এটা পৰিয়াললৈ

Last Updated :Aug 3, 2023, 8:44 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.