Cyber Crime in Barpeta : বৰপেটাত চাইবাৰ অপৰাধীয়ে লুটিলে ৪৮ হাজাৰ টকা

author img

By

Published : Nov 14, 2022, 6:29 PM IST

Updated : Nov 14, 2022, 7:01 PM IST

Barpeta

চেঙা মডেল হস্পিটেলত কৰ্মৰত এগৰাকী নাৰ্ছৰ পৰা চাইবাৰ অপৰাধী চক্ৰই লুটি নিয়ে SBI গ্ৰাহকৰ সাঁচতীয়া ধন (Cyber fraud loot SBI customer of Barpeta) ৷ এই ঘটনা সম্পৰ্কত ইতিমধ্যে ষ্টেট বেংকৰ (State Bank of India) বৰপেটা বজাৰ শাখাত অভিযোগ দাখিল কৰা হৈছে ।

বৰপেটা, ১৪ নৱেম্বৰ : বৰপেটাত পুনৰ সংঘটিত হৈছে চাইবাৰ অপৰাধ (Cyber crime in Barpeta) ৷ এইবাৰ স্বাস্থ্য বীমা পলিচীৰ নামত ক্ৰেডিট কাৰ্ডৰ জৰিয়তে চাইবাৰ অপৰাধ প্ৰৱঞ্চক চক্ৰই লুটি নিলে ৪৮ হাজাৰ টকা (Cyber fraud loot bank account) ৷ চেঙা মডেল হস্পিটেলত কৰ্মৰত এগৰাকী নাৰ্ছৰ পৰা চাইবাৰ অপৰাধী চক্ৰই লুটি নিয়ে SBI গ্ৰাহকৰ সাঁচতীয়া ধন (Cyber fraud loot SBI customer of Barpeta) ৷ এই ঘটনা সম্পৰ্কত ইতিমধ্যে ষ্টেট বেংকৰ (State Bank of India) বৰপেটা বজাৰ শাখাত অভিযোগ দাখিল কৰা হৈছে । লগতে বৰপেটা সদৰ থানাত ৰুজু কৰা হৈছে এটা গোচৰ ।

উল্লেখ্য, বৰপেটাৰ চেঙা মডেল হস্পিটেলৰ ৰেখা দাস নামৰ নাৰ্ছগৰাকীলৈ এটা ফোন কল আহে । উক্ত ফোন কলটোত তেওঁক কোৱা হয় যে তেওঁৰ নামত ১০ হাজাৰ টকাৰ এটা স্বাস্থ্য বীমা পলিচী খোলা হৈছে ৷ কিন্তু মহিলাগৰাকীয়ে তেওঁক কোনো স্বাস্থ্য বীমা পলিচীৰ (Health Insurance Policy) প্ৰয়োজন নাই বুলি কয় ৷

Cyber Crime in Barpeta : বৰপেটাত চাইবাৰ অপৰাধীয়ে লুটিলে ৪৮ হাজাৰ টকা

ইয়াৰ পিছতে প্ৰৱঞ্চক চক্ৰটোৱে বীমা পলিচীটো বন্ধ কৰাৰ বাবে তেওঁলৈ এটা OTP পঠায় । তাৰ পিছতে মহিলাগৰাকীৰ নামত থকা SBI একাউণ্টৰ পৰা লুটি নিয়ে প্ৰায় ৫০ হাজাৰ টকা ৷ কিন্তু এইখিনিতে এটা প্ৰশ্ন উত্থাপন হৈছে যে মহিলাগৰাকীৰ SBI ক্ৰেডিট কাৰ্ড থকা তথ্য কেনেদৰে লাভ কৰিলে প্ৰৱঞ্চক চক্ৰটোৱে ৷

লগতে প্ৰশ্ন উঠিছে, কেনেদৰে SBI গ্ৰাহকৰ নাম, একাউণ্ট নম্বৰ আৰু ফোন নম্বৰ লাভ কৰে প্ৰৱঞ্চকে ৷ আনহাতে, চাইবাৰ প্ৰৱঞ্চক চক্ৰই প্ৰৱঞ্চনাৰে একাউণ্টৰ সাঁচতীয়া ধন লুটি নিয়াৰ পিছত ভুক্তভোগী মহিলাগৰাকীৰ প্ৰশ্ন— প্ৰৱঞ্চক চক্ৰটোৰে জড়িত আছে নেকি SBI-ৰ কোনো লোক ! এই কথা অৱশ্যে আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ।

উল্লেখ্য, বিভিন্ন সময়ত দেশৰ লগতে ৰাজ্যৰো বিভিন্ন লোক চাইবাৰ প্ৰৱঞ্চক চক্ৰৰ কবলত পৰি আহিছে । চাইবাৰ অপৰাধী চক্ৰই তৰা জালত ভৰি দি বহুতেই নিজৰ সৰ্বস্ব হেৰুৱাবলগা হৈছে । বহু ক্ষেত্ৰত চাইবাৰ অপৰাধী চক্ৰ মানুহক প্ৰলোভিত কৰি প্ৰৱঞ্চনা কৰাৰ উদাহৰণ পোৱা যায় । আনহাতে, কিছু কিছু ক্ষেত্ৰত ব্যক্তিগত তথ্য হেকিং কৰি গ্ৰাহকৰ পৰা বেংকৰ সাঁচতীয়া ধন সৰকায় ।

এই ক্ষেত্ৰত ভাৰতীয় ৰিজাৰ্ভ বেংক তথা সংশ্লিষ্ট বেংকসমূহৰ তৰফৰ পৰা মাজে-সময়ে গ্ৰাহকসকলক সতৰ্ক কৰি থাকিলেও তাৰ মাজতেই সংঘটিত হৈ থাকে এনেধৰণৰ ঘটনা ।

লগতে পঢ়ক :Tense situation in Pengeri: পেঙেৰীত নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

Last Updated :Nov 14, 2022, 7:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.