ETV Bharat / state

MGNREGA আঁচনিত দুৰ্নীতিৰ অভিযোগ পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে

author img

By

Published : Jun 10, 2021, 7:38 PM IST

road construction
কলগাছিয়াত MGNREGA আঁচনিত ব্যপক দুৰ্নীতি পঞ্চায়ত সভানেত্ৰীৰ

বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ ৬২ নং বলাইপাথাৰ গাঁও পঞ্চায়তৰ খাৰবাল্লীত এমজিএনৰেগা (MGNREGA) আঁচনিৰ ৰাস্তাৰ কামত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে । পঞ্চায়তৰ সভানেত্ৰী শ্বাহিদা খাতুনে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ ফলত বান অহাৰ পূৰ্বেই ৰাস্তাটো ভাঙি যোৱাত যাতায়তৰ ক্ষেত্ৰত চৰম যান্ত্ৰণা ভোগ কৰিব লগা হৈছে ৰাইজে । ৰাস্তাটোৰ নিৰ্মাণত হোৱা দুৰ্নীতিৰ বাবে বিভাগীয় তদন্তৰ দাবী কৰিছে ৰাইজে ।

জনীয়া,১০ জুন : বহু সময়ত অসমত এমজিএনৰেগা(MGNREGA) আঁচনিৰ নামত ব্যাপক লুণ্ঠনৰ অভিযোগ উঠা দেখা যায় । এইবাৰ অভিযোগ আহিছে বৰপেটা জিলাৰ পৰা । জিলাখনৰ জনীয়া সমষ্টিৰ ৬২ নং বলাইপাথাৰ গাঁও পঞ্চায়তৰ খাৰবাল্লীত এমজিএনৰেগা(MGNREGA) আঁচনিৰ ৰাস্তাৰ কামত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ।

কলগাছিয়াত MGNREGA আঁচনিত ব্যপক দুৰ্নীতি পঞ্চায়ত সভানেত্ৰীৰ

৯ লাখ ৮৭ হাজাৰ ৭৩২ টকা ব্যয় সাপেক্ষে খাৰবাল্লীত প্ৰায় এক কিলোমিটাৰ দৈৰ্ঘৰ ৰাস্তা নিৰ্মাণ কৰা হৈছিল যদিও সম্পূৰ্ণ নিয়ম উলংঘা কৰি বালি-মাটিৰে সামান্য পৰিমাণৰ কাম কৰাৰ ফলত এতিয়া জহিখহি গৈছে । ৰাস্তা নিৰ্মাণৰ ক্ষেত্ৰত পঞ্চায়তৰ সভানেত্ৰী শ্বাহিদা খাতুনে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ ফলত বানপানী অহাৰ পূৰ্বেই ৰাস্তাটো ভাঙি যোৱাত যাতায়তৰ ক্ষেত্ৰত চৰম যান্ত্ৰণা ভোগ কৰিব লগা হৈছে ৰাইজে ।

লগতে অঞ্চলটোত ব্যাহত হৈ পৰিছে জৰুৰীকালীন সেৱা । পঞ্চায়তৰ সভানেত্ৰী শ্বাহিদা খাতুন আৰু স্থানীয় মধ্যভোগী বাহাৰুল ইছলামে ৰাস্তা নিৰ্মাণৰ কাম কৰিছিল যদিও ব্যাপক দুৰ্নীতি সংঘটিত কৰিছে বুলি অভিযোগ উত্থাপন হৈছে । এতিয়া ৰাস্তাটোৰ নিৰ্মাণত হোৱা দুৰ্নীতিৰ বাবে বিভাগীয় তদন্তৰ দাবী কৰিছে ৰাইজে ।


লগতে পঢ়ক:গাঁঠিৰ ধন খৰচ কৰি পথ নিৰ্মাণ কৰিলে মাজুলীবাসীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.