ETV Bharat / state

দৰঙৰ খাৰুপেটীয়াত ভয়াবহ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন

author img

By

Published : Jul 29, 2020, 5:17 AM IST

সেনা বাহিনীৰ কনভয়ৰ সৈতে বাইকৰ মুখামুখি সংঘৰ্ষ । থিতাতে এজন বাইক আৰোহী নিহত হোৱাৰ লগতে গুৰুতৰ ভাৱে আহত আন এজন লোক ৷

Road accident at Kharupetia
Road accident at Kharupetia

দলগাঁও, 28 জুলাই : মঙলবাৰে দৰঙৰ খাৰুপেটীয়াত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা । পথ দুৰ্ঘটনাত থিতাতে এজন বাইক আৰোহী নিহত হোৱাৰ লগতে গুৰুতৰ ভাৱে আহত হয় আন এজন লোক । জানিব পৰা মতে তেজপুৰ অভিমুখে ভাৰতীয় সেনা বাহিনীৰ কনভয় গৈ থকাৰ অৱস্থাত বিপৰীত দিশৰ পৰা অহা AS-10 AW 6520 নম্বৰৰ পালচাৰ বাইকখনৰ লগত মুখামুখি সংঘৰ্ষ হয় । ঘটনাটো সংঘটিত হয় 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালুগাঁৱত ।

দৰঙৰ খাৰুপেটীয়াত ভয়াবহ পথ দুৰ্ঘটনা

নিহত যুৱকজন খেতাশ্বৰ গাওঁৰ মুছা আলী আৰু আহত যুৱক জন খেতাশ্বৰ গাওঁৰ ফকিৰ আলী বুলি জানিব পৰা গৈছে । ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে পৰিস্থিতি উত্তপ্ত কৰি তোলে । খবৰ পাই খাৰুপেটীয়া আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । ইফালে গুৰুতৰ ভাৱে আহত যুৱক জনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

লগতে চাওক-বৰপেটাৰ চেঙাত খাদ্যত বিষক্ৰিয়া,অসুস্থ 50 ৰো অধিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.