ETV Bharat / state

খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ক্ষেত্ৰত শিৰ নত কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

author img

By

Published : Jun 2, 2021, 9:35 PM IST

বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে প্ৰথমখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিলে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷ বৈঠকৰ পাচতে মিঠাতেলৰ মূল্যবৃদ্ধিৰ লগতে কাগজ কল নিলামৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷

ranjit das at barpeta
মূ্ল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অসহায় চৰকাৰ

বৰপেটা, ২ জুন : মিঠাতেলৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে কন্দুৱাইছে এতিয়া প্ৰতিটো পৰিয়ালৰ ৰান্ধনীসকলক ৷ মিঠাতেলৰ অভাৱনীয় মূল্যবৃদ্ধিৰে জুৰুলা কৰা ৰাইজৰ দুখৰ সমভাগী হ'ল যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷ বুধবাৰে সাংবাদিকৰ আগত মূল্যবৃদ্ধিক কেন্দ্ৰ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৰণজিৎ দাসে ৷ তেওঁ কয়, মিঠাতেলৰ মূল্য বৃদ্ধিৰ বাবে এতিয়া ৰাজ্য চৰকাৰো অসহায় ৷ এই মূল্য কেৱল অসমতে বৃদ্ধি হোৱা নাই সমগ্ৰ ভাৰতবৰ্ষতে বৃদ্ধি হৈছে ৷ জনস্বাস্থ্য প্ৰতি লক্ষ্য ৰাখি মিঠাতেলৰ বেণ্ডিং বন্ধ কৰি দিয়া হৈছে বাবেই বজাৰত মিঠাতেলৰ যোগান কমি আহিছে ৷ যাৰ ফলত মূল্যবৃদ্ধি হৈছে বুলি মন্তব্য প্ৰকাশ কৰে ৰণজিৎ দাসে ৷

বৰপেটাৰ অভিভাৱক মন্ত্ৰী হিচাপে প্ৰথমখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ

তদুপৰি যোগান মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত প্ৰত্যেকবিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য যে দিল্লীৰ দ্বাৰা নিয়ন্ত্ৰণ হয় সেই কথাও এক প্ৰকাৰে প্ৰকাশ কৰে ৷ ‘‘মিঠতেলৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভাৰত চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে ৷ লগতে অসম চৰকাৰৰ ফালৰ পৰাও মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে ৷ আমি অপেক্ষা কৰিব লাগিব ৷" এইদৰে কয় যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

মিঠাতেলৰ মূল্য বৃদ্ধিৰ বাবে এতিয়া ৰাজ্য চৰকাৰও অসহায়

উল্লেখ্য যে, বুধবাৰে বৰপেটাৰ অভিভাৱক মন্ত্ৰী হিচাপে প্ৰথমখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ বান আৰু খহনীয়া সমস্যাৰ লগতে লোক নিৰ্মাণ বিভাগৰ কামকাজৰো পৰ্যালোচনা কৰে মন্ত্ৰীগৰাকীয়ে ৷

কাগজ কল নিলামৰ ক্ষেত্ৰত কি ক'লে মন্ত্ৰী ৰণজিৎ দাসে?

বিশেষকৈ খহনীয়াত আক্ৰান্ত অঞ্চলৰ সংখ্যা হ্ৰাস কৰা আৰু লোক নিৰ্মাণ বিভাগৰ অধীনত নিৰ্মাণ কাৰ্য চলি থকা গৃহসমূহৰ কামৰ অগ্ৰগতিৰ বুজ লৈ কামত গাফিলতি কৰা ঠিকাদাৰসকলকৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে ৷ ইফালে, জিলাখনত কৰ্তব্যৰত প্ৰশাসনিক বিষয়াসকলক কোনো ধৰণৰ চিণ্ডিকেটৰ সৈতে জড়িত নহ'বলৈকো কঠোৰ সকীয়নি প্ৰদান কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ পৰ্যালোচনা বৈঠকখনত শিক্ষা বিভাগৰ বাদে আন সকলোবোৰ বিভাগৰ বিষয়াসকল উপস্থিত থাকে ৷

মনকৰিবলগীয়া এই বৈঠকৰ পাচতেই দুটাকৈ কাগজ কল নিলামৰ সন্দৰ্ভত সাংবাদিকৰ দ্বাৰা এক প্ৰশ্ন সোধা হৈছিল ৷ কিন্তু এই প্ৰশ্নৰ পৰা ফালৰি কাটি উত্তৰ দিয়ে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ কাছাৰ আৰু জাগীৰোড কাগজ কল নিলামৰ ক্ষেত্ৰত তেওঁ অৱগত নহয় বুলি উল্লেখ কৰে মন্ত্ৰীজনে ৷ এই ক্ষেত্ৰত উদ্যোগ মন্ত্ৰীয়েহে ভালদৰে জানিব বুলি কয় ৰণজিৎ কুমাৰ দাসে ৷

লগতে পঢ়ক:শেহতীয়া ক'ভিড পৰিস্থিতি সন্দৰ্ভত কি ক'লে জিএমচিএইচৰ অধ্যক্ষই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.