ETV Bharat / state

ক’ভিড নিয়ন্ত্ৰণ নহ’লে শীৰ্ঘে সম্পূৰ্ণ লকডাউনৰ পোষকতা ৰণজিৎ দাসৰ

author img

By

Published : May 15, 2021, 4:15 PM IST

ক’ভিড নিয়ন্ত্ৰণ নহ’লে শীৰ্ঘে সম্পূৰ্ণ লকডাউনৰ পোষকতা ৰণজিৎ দাসৰ
ক’ভিড নিয়ন্ত্ৰণ নহ’লে শীৰ্ঘে সম্পূৰ্ণ লকডাউনৰ পোষকতা ৰণজিৎ দাসৰ

মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মন্ত্ৰীত্ব লাভ কৰাৰ পাচতে প্ৰথমবাৰৰ বাবে নিজ সমষ্টি পাটাছাৰকুছিত উপস্থিত হৈ কৰ’ণাত মৃত্যু হোৱা ছয় গৰাকী দুৰ্ভগীয়া পৰিয়ালৰ ঘৰলৈ গৈ মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷

বৰপেটা, 15 মে’ : "কৰ’ণাৰ ভয়ংকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে বৰ্তমান মিনি লকডাউন দি এই ভয়াবহ দুৰ্যোগৰ পৰা হাত সৰাৰ চেষ্টা কৰিছে । কিন্ত যদি ইয়াৰ পিছতো ক’ভিড ৰোধ নহয় তেন্তে শীৰ্ঘে সম্পূৰ্ণ লকডাউন দিবলৈ বাধ্য হ’ব চৰকাৰ ।" এই মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতি তথা পঞ্চায়ত গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী আৰু খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ।

ক’ভিড নিয়ন্ত্ৰণ নহ’লে শীৰ্ঘে সম্পূৰ্ণ লকডাউনৰ পোষকতা ৰণজিৎ দাসৰ

মন্ত্ৰী দাসে মন্ত্ৰীত্ব লাভ কৰাৰ পাচতে প্ৰথমবাৰৰ বাবে নিজ সমষ্টি পাটাছাৰকুছিত উপস্থিত হৈ কৰ’ণাত মৃত্যু হোৱা ছয় গৰাকী দুৰ্ভগীয়া পৰিয়ালৰ ঘৰলৈ গৈ মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷

মন্ত্ৰী গৰাকীয়ে কৰ’ণা মহামাৰীৰ এই সময়ত যাতে কোনো ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি নকৰে তাৰ প্ৰতি আহ্বান জনায় । আনহাতে কোনো দুষ্ট ব্যৱসায়ীয়ে নিজৰ মতে দাম বৃদ্ধি কৰে, তেন্তে তেনে ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যবস্থা গ্ৰহণ কৰা হ’ব বুলিও সকীয়নী প্ৰদান কৰে ।

লগতে পঢ়ক : চৰকাৰী নিৰ্দেশনা নমনা ব্যক্তিৰ বিৰুদ্ধে তৎপৰ কাকপথাৰ আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.