ETV Bharat / state

ৰাইজৰ দলৰ বৰপেটা জিলা সমিতি গঠন

author img

By

Published : Nov 1, 2020, 5:03 PM IST

অচিৰেই ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত কৰি পূৰ্ণাংগ ৰূপত ৰাইজৰ দলে আত্মপ্ৰকাশ কৰিব ৷ সমগ্ৰ অসমৰ আঞ্চলিকতাবাদী শক্তি একত্ৰিত হৈ জাতি, ধৰ্ম ভাষা, সম্প্ৰদায় নিৰ্বিশেষে অসমবাসীৰ আঞ্চলিক দল হিচাপে ৰাইজৰ দল প্ৰতিষ্ঠিত হ’ব আৰু এয়া ঐতিহাসিক ৰাজনৈতিক শক্তি হিচাপে পুনৰুত্থান ঘটিব বুলি মন্তব্য কৰে অৰূপ বৰবৰাই ৷

raijor dol  district commity formations at barpeta
ৰাইজৰ দলৰ বৰপেটা জিলা সমিতি গঠন

বৰপেটা, ১ নৱেম্বৰঃ ৰাইজৰ দলৰ সাংগঠনিক ভেটি নিৰ্মাণৰ তৎপৰতা ক্ৰমাৎ বৃদ্ধি পাইছে ৷ জিলা আৰু আঞ্চলিক সমিতিসমহে গঠনৰ বাবে আৰম্ভ কৰা তৎপৰতাৰ অংশ হিচাপেই দেওবাৰে অৰূপ বৰবৰাৰ নেতৃত্বত বৰপেটাত উপস্থিত হৈ ৰাইজৰ দলৰ বৰপেটা জিলা সমিতি গঠনৰ উদ্দেশ্যে এখন আহ্বায়ক সমিতি গঠন কৰি দিয়ে ৷ বৰপেটাৰ তৰুণৰাম ফুকন প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাখনত জিলাখনৰ বিভিন্ন প্ৰান্তৰ লোকৰ উপস্থিতিত আহ্বায়ক সমিতি গঠন কৰা হয় ৷

বৰপেটাৰ সভাখনত অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ নেতা অৰূপ বৰবৰাই জানিবলৈ দিয়ে যে, অচিৰেই ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত কৰি পূৰ্ণাংগ ৰূপত ৰাইজৰ দলে আত্মপ্ৰকাশ কৰিব ৷ সমগ্ৰ অসমৰ আঞ্চলিকতাবাদী শক্তি একত্ৰিত হৈ জাতি, ধৰ্ম ভাষা, সম্প্ৰদায় নিৰ্বিশেষে অসমবাসীৰ আঞ্চলিক দল হিচাপে ৰাইজৰ দল প্ৰতিষ্ঠিত হ’ব আৰু এয়া ঐতিহাসিক ৰাজনৈতিক শক্তি হিচাপে পুনৰুত্থান ঘটিব বুলি মন্তব্য কৰে অৰূপ বৰবৰাই ৷

ৰাইজৰ দলৰ বৰপেটা জিলা সমিতি গঠন

আনহাতে অসম জাতীয় পৰিষদ দলটো পূৰ্ণাগ হৈ উঠিলেই দুয়োটা দলে কিদৰে একত্ৰিতভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰে সেয়া পৰৱৰ্তী সময়ত ঠিৰাং কৰা হ’ব ৷ মুঠতে আগন্তুক নিৰ্বাচনত আৰ এছ এছ বিজেপি আৰু এওঁলোকৰ নেগুৰত ধৰি থকা ক্ষমতাৰ অংশীদাৰ অগপক উৎখাট কৰাৰ লগতে কংগ্ৰেছ আৰু এ আই ইউ ডিএ ফক প্ৰতিহত কৰিব লাগিব আৰু একত্ৰিত আঞ্চলিক শক্তিয়ে দিছপুৰত সকলো অপশক্তিক উৎখাত কৰিব বুলি দাবী কৰে ৰাইজৰ দলৰ নেতাগৰাকীয়ে ৷

ৰাইজৰ দলৰ বৰপেটা জিলা সমিতি গঠন

সমাগত নিৰ্বাচনত বিজেপি, এজিপি, কংগ্ৰেছ, এ আই ইউ ডি এফৰ পৰা ৰাইজৰ দলে সমদূৰত্ব বজাই ৰাখিব আৰু অসম জাতীয় পৰিষদৰ সৈতে বুজাবুজিৰে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি সদৰি কৰে অৰূপ বৰবৰাই ৷ আনহাতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, ছয় নং দফা কাৰ্যকৰী কৰা আদি মূল সমস্যা সমূহৰ পৰা ৰাইজক ফালৰি কটাবলৈকে বিজেপি কংগ্ৰেছে মিঞা মিউজিয়ামৰ ৰাজনীতি আৰম্ভ কৰা বুলিও দাবী কৰে অৰূপ বৰবৰাই ৷ সভাখনত অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ নেতা জিতুল ডেকাই মিঞা মিউজিয়ামক এখন পৰিকল্পিত নাটক বুলি অভিহিত কৰে ৷

লগতে পঢ়কঃ মিঞা মিউজিয়াম বিজেপিৰ ভিছন ডকুমেণ্টৰ প্ৰস্তাৱ : জগদীশ ভূঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.