ETV Bharat / state

খহনীয়াত গৃহহাৰা হোৱা সকলক সংস্থাপন দিয়াৰ দাবীত কালগাছিয়াত প্ৰতিবাদ

author img

By

Published : Sep 2, 2021, 8:48 PM IST

আই আৰু মানাহ নৈৰ বিধ্বংসী গৰাখহনীয়াৰ কৱলত পৰি গৃহহীন হৈছে বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অধীনৰ কেইবাটাও পৰিয়াল ৷ পৰিয়াল কেইটাক পুনৰ সংস্থাপনৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তিয়ে ৷

protests-in-kalgashia-demanding-establishment-of-those-who-have-been-effected-in-erosion
খহনীয়াত গৃহহাৰা হোৱা সকলক সংস্থাপন দিয়াৰ দাবীত কালগাছিয়াত প্ৰতিবাদ

জনীয়া,2 ছেপ্তেম্বৰ: প্ৰতিবছৰৰ দৰে এইবছৰো বান আৰু গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ বহু কেইখন জিলাৰ শ শ পৰিয়াল ৷ লগতে ক্ষতিগ্ৰস্ত হৈছে হাজাৰ হাজাৰ হেক্টৰ কৃষি ভূমি ৷ বান তথা খহনীয়াত সৰ্বহাৰা হৈ পানীত হাঁহ নচৰা অৱস্থা হৈছে বহু পৰিয়ালৰ ৷ ৰাজ্যৰ আন বহুকেইখন জিলাৰ সমান্তৰালকৈ খহনীয়াৰ কৱলত পৰিছে বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অধীনৰ তিনিখনকৈ গাঁও ৷ আই আৰু মানাহ নৈৰ বিধ্বংসী গৰাখহনীয়াৰ কৱলত পৰি গৃহহীন হৈ পৰিছে 65 টা পৰিয়াল ৷

প্ৰাপ্ত তথ্য মতে, দুয়োখন নৈৰ খহনীয়াৰ কৱলত পৰি কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ইছবপুৰ গাঁও পঞ্চায়তৰ খুদ্ৰখোৱা গাঁৱৰ 20 টা পৰিয়াল গৃহহাৰা হোৱাৰ লগতে ডুমেৰগুৰি গাঁও পঞ্চায়তৰ সন্তোষপুৰ, ভাৰালীপাৰা গাঁৱৰ প্ৰায় 40 টা পৰিয়াল ৷ গৃহহীন হোৱা সকলে বিগত 15 দিন ধৰি সন্তোষপুৰ গাঁৱৰ এজন হৃদয়ৱান ব্যক্তিৰ মাটিত শিবিৰ পাতি আশ্ৰয় লৈ জীৱন নিৰ্বাহ কৰিছে ৷ উক্ত পৰিয়াল কেইটাক উপযুক্ত পৰিমানৰ সাহাৰ্য প্ৰদান কৰিবলৈ দাবী জনাইছে কেইবাটাও দল-সংগঠনে ৷

খহনীয়াত গৃহহাৰা হোৱা সকলক সংস্থাপন দিয়াৰ দাবীত কালগাছিয়াত প্ৰতিবাদ

লগতে গৃহহাৰা এই পৰিয়াল কেইটাক শীঘ্ৰেই পুনৰ সংস্থাপন দিয়াৰ দাবীত বৃহস্পতিবাৰে শিবিৰৰ কাষতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তিয়ে ৷

ইয়াৰ উপৰি প্ৰতিবাদকাৰী সকলে বিভাগীয় কৰ্তৃপক্ষ, জনীয়া সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম আৰু দক্ষিণ অভয়াপুৰীৰ বিধায়ক প্ৰদীপ চৰকাৰৰ লগতে জল সম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক অতি শীঘ্ৰে পৰিস্থিতিৰ বুজ লৈ উপযুক্ত পদক্ষেপ গ্ৰহণৰ আহ্বান জনাইছে ৷ লগতে আগন্তুত 24 ঘণ্টাৰ ভিতৰত এই বিষয়ত তাৎক্ষণিক ভাৱে ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰী ৰাইজৰ লগতে সংগঠন দুটাৰ সদস্যই ৷

আনকি চৰকাৰে দাবী মানি নললে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিয়ে শুকুৰবাৰৰ পৰা অনিৰ্দিষ্ট কালীন অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী হাতত লোৱাৰো হুংকাৰ প্ৰদান কৰিছে ৷

লগতে পঢ়কঃ ন-বিজেপিৰ ভৰত ভাৰাক্ৰান্ত দল; পুনৰ বঞ্চিত হ’ব পুৰণি বিজেপি নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.