ETV Bharat / state

বৰপেটাত ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ প্ৰস্তুতি

author img

By

Published : Dec 28, 2021, 7:48 PM IST

ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে এইবাৰ বৰপেটা জিলা প্ৰশাসনে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ পৰিকল্পনা কৰিছে(Preparation for National Voters Day 2021) । নতুন ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে । মঙলবাৰে বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত সংবাদমেল সম্বোধন কৰি উপায়ুক্ত তেজ প্ৰসাদ ভূচালে এই বিষয়ে সদৰি কৰে ।

Preparation for National Voters Day in Barpeta
বৰপেটাত ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ প্ৰস্তুতি

বৰপেটা, ২৮ ডিচেম্বৰ: ২০২২ চনৰ ২৫ জানুৱাৰীত দেশজুৰি পালন কৰা হ'ব ৰাষ্ট্ৰীয় ভোটাৰ দিৱস । ইতিমধ্যে অসমৰ জিলা জিলাই ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ প্ৰস্তুতি আৰম্ভ কৰিছে প্ৰশাসনে(Preparation for National Voters Day in Barpeta) । বৰপেটা জিলা প্ৰশাসনেও ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ লগত সংগতি ৰাখি কেতবোৰ অনুষ্ঠান আয়োজনৰ পৰিকল্পনা কৰিছে । ভোটদানৰ অধিকাৰ সন্দৰ্ভত ভোটাৰসকলক সজাগ কৰাৰ উদ্দেশ্যেৰে জিলা প্ৰশাসনে ব্যাপক সজাগতামূলক কাৰ্যসূচী হাতত লৈছে(Awareness program to mark National Voters Day) ।

মঙলবাৰে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে এখন সংবাদমেল সম্বোধন কৰি জনায় যে, মঙলবাৰৰ পৰা ৩১ ডিচেম্বৰৰ ভিতৰত বিদ্যালয়-মহাবিদ্যালয় পৰ্যায়ত নৃত্য আৰু গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । বিদ্যালয় পৰ্যায়ত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ ল'ব পাৰিব । এই প্ৰতিযোগিতাৰ বিজয়ীসকলৰ মাজত অহা ২ আৰু ৩ জানুৱাৰীত খণ্ড পৰ্যায়ত আৰু ৫ জানুৱাৰীত জিলা পৰ্যায়ত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । জিলা পৰ্যায়ত বিজয়ীসকলে বঙাইগাঁৱত অনুষ্ঠিত হ'বলগীয়া মাণ্ডলিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব ।

বৰপেটাত ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ প্ৰস্তুতি

ইয়াৰ উপৰিও অহা ২ আৰু ৩ জানুৱাৰীত হাউলীৰ চন্দী বৰুৱা ষ্টেডিয়ামত ফুটবল প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে । নিৰ্বাচন বিষয়া ময়ুৰাক্ষী দত্ত‌ আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাও উপস্থিত আজিৰ সংবাদমেল উপস্থিত থাকে ।

উপায়ুক্তগৰাকীয়ে লগতে প্ৰকাশ কৰে যে, ইতিমধ্যে চলি থকা ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনীত লাভ কৰা ৮৮,২২৬ খন আবেদনৰ ৬৯,০০০ খন গ্ৰহণ কৰা হৈছে । এই পৰ্যন্ত ২৪,২২৬ জন নতুন ভোটাৰ জিলাখনত অন্তৰ্ভুক্ত হৈছে । আনহাতে, আগন্তুক পৌৰসভা নিৰ্বাচনৰ বাবে বৰপেটা জিলা প্ৰশাসন সম্পূৰ্ণ সাজু বুলিও উপায়ুক্তগৰাকীয়ে সংবাদমেলত জানিবলৈ দিয়ে ৷

সংবাদমেলত জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে কয় যে, জিলাখনৰ পাঁচখন চহৰত থকা ৬২ টা ৱাৰ্ডত এই পৰ্যন্ত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৯৩,৭১৫ জন । অৱশ্যে, এই সংখ্যা আৰু সামান্য বৃদ্ধি হ'ব‌ও পাৰে বুলি তেওঁ সম্ভাৱনা ব্যক্ত কৰে । এইবাৰ কেৱল ইভিএম যোগে পৌৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব বুলি জানিবলৈ দি তেওঁ কয় যে, নিৰ্বাচনৰ বাবে বৰপেটা জিলাত মুঠ ১২৮ টা ভোটগ্ৰহণ কেন্দ্ৰ সাজু কৰা হৈছে ।

লগতে পঢ়ক:সুৰাসক্ত চালকৰ বিৰুদ্ধে কঠোৰ হৈছে কলিয়াবৰৰ পৰিবহণ বিভাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.