ETV Bharat / state

বৰপেটাত বিধ্বস্ত পথঃ ঠিকাদাৰৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ

author img

By

Published : Aug 20, 2019, 10:45 AM IST

বৰপেটা জিলাৰ অন্তৰ্গত গোপালপুৰ - ৰহমপুৰ সংযোগী মূল পথটো বিগত পাঁচ বছৰ ধৰি হৈ আছে জৰাজীৰ্ণ, টুলুঙা নাৱেৰে যাতায়ত কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে অঞ্চলটোৰ ৰাইজৰ

বাঘবৰ বিধানসভা সমষ্টি

জনীয়া, 20 আগষ্টঃ বৰপেটা জিলাৰ অন্তৰ্গত বাঘবৰ বিধানসভা সমষ্টিৰ গোপালপুৰ - ৰহমপুৰ সংযোগী মূল পথটো বিগত পাঁচ বছৰ ধৰি জৰাজীৰ্ণ হৈ থকাৰ লগতে বানপানীৰ ফলত ঠায়ে ঠায়ে ভাঙি যোৱাত যমৰ যাতনা ভুগিব লগা হৈছে অঞ্চলটোৰ ৰাইজে । বানপানীৰ ফলত পথটোৰ এটা বিশেষ অংশ ছিঙি যোৱাত বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে টুলুঙা নাৱেৰে যাতায়ত কৰিব লগা হৈছে ৷

বৰপেটাত বিধ্বস্ত পথঃ ঠিকাদাৰৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ

উল্লেখ্য যে, 2018-19 বৰ্ষত ৰাস্তাটো মেৰামতিৰ বাবে প্ৰধানমন্ত্ৰী গ্ৰাম স্বৰাজ যোজনাৰ অধীনত চৰকাৰে বহু লাখ টকা আৱন্টন দিছিল যদিও নামমাত্ৰ কাম কৰি গোলাপ হুছেইন নামৰ এজন ঠিকাদাৰে সমগ্ৰ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ সেয়ে অতি শীঘ্ৰে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ জনৰ অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈ আৰু পথটো পুনৰ নিৰ্মাণ কৰিবলৈ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ৷

Intro:slug: as_jania_20aug_damaged_road_vis2+byt1+ph1_spl_pkg_story_asc10058

Anchor: বৰপেটাৰ গোপালপুৰত যাতায়তৰ নামত দুৰ্ভোগ ভুগিছে ৰাইজে। গোপালপুৰৰ পৰা ৰহমপুৰলৈ যোৱা ৰাস্তাৰ জৰাজীৰ্ণ ৰূপ। টুলুঙা নাৱেৰে যাতায়ত কৰিব লগা হৈছে ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে। কাণ সাৰ নাই জনপ্ৰতিনিধিৰ।Body:slug: as_jania_20aug_damaged_road_vis2+byt1+ph1_spl_pkg_story_asc10058

V.O: বাঘবৰ বিধান সভা সমষ্টি তথা বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গোপালপুৰৰ পৰা ৰহমপুৰলৈ যোৱা এইখন মূল ৰাস্তা বিগত পাঁচ বছৰ ধৰি এইদৰে জৰাজীৰ্ণ হৈ থকাৰ লগতে বানপানীৰ ফলত ঠায়ে ঠায়ে ভাঙি যোৱাত যমৰ যাতনা ভুগিব লগা হৈছে ৰাইজে। এইখন গুৰুত্বপূৰ্ণ ৰাস্তাৰে ৰহমপুৰ, যাদৱপুৰ, গোপালপুৰ আৰু ছলিমপুৰ গাঁৱৰ হাজাৰ হাজাৰ ৰাইজৰ লগতে মন্দিয়া কলেজ, মন্দিয়া হাইস্কুল, পহুমৰা জাতীয় বিদ্যালয়, মন্দিয়াৰ কেইবাখনো জাতীয় বিদ্যালয়ৰ শ শ ছাত্ৰ ছাত্ৰীয়ে এইদৰে টুলুঙা নাৱেৰে মৰণক শৰণ দি যাতায়ত কৰিব লগা হৈছে। স্থানীয় বিধায়ক শ্বেৰমান আলীয়ে ৰাস্তাটো মেৰামতি কৰিবলৈ কোনো ধৰণৰ কাণ সাৰ নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। যোৱা বৰ্ষত ৰাস্তাটো মেৰামতিৰ নামত পি এম জি এছ ওৱাইৰ অধীনত টকা আবন্টন দিছিল যদিও নামমাত্ৰ কাম কৰি গোলাপ হুছেইন নামৰ এজন ঠিকাদাৰে হিংস ভাগ টকা আত্মসাৎ কৰিছে বুলি ৰাইজে অভিযোগ কৰিছে। শীঘ্ৰে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ জনৰ অনুজ্ঞাপত্ৰ বাতিল কৰি অইন ঠিকাদাৰৰ হতুৱাই ৰাস্তাটো মেৰামতি কৰিবলৈ দাবী জনাইছে।Conclusion:slug: as_jania_20aug_damaged_road_vis2+byt1+ph1_spl_pkg_story_asc10058

Byte: ৰাইজৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.