ETV Bharat / state

লাইলাপুৰত গুলিবিদ্ধ আৰক্ষী বিষয়া নুৰুল ইছলামে পোৱা নাই চৰকাৰৰ সঁহাৰি

author img

By

Published : Aug 4, 2021, 10:22 PM IST

Updated : Aug 5, 2021, 6:17 AM IST

লাইলাপুৰত গুলিবিদ্ধ আৰক্ষী বিষয়া নুৰুল ইছলামে পোৱা নাই চৰকাৰৰ সঁহাৰি
লাইলাপুৰত গুলিবিদ্ধ আৰক্ষী বিষয়া নুৰুল ইছলামে পোৱা নাই চৰকাৰৰ সঁহাৰি

অসম-মিজোৰাম সীমান্ত (assam-mizoram inter state border) লাইলাপুৰত গুলিবিদ্ধ হৈছিল আৰক্ষী বিষয়া নুৰুল ইছলাম । আজিকোপতি আৰক্ষী বিষয়াজনৰ খবৰ ল’বলৈ আহৰি পোৱা নাই ৰাজ্য চৰকাৰ আৰু জনপ্ৰতিনিধিয়ে ৷ উন্নত চিকিৎসাৰ অভাৱত ঘৰতে থাকিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছ নুৰুল ইছলামৰ ৷

জনীয়া, 4 আগষ্ট : নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি দেশ মাতৃক ৰক্ষা কৰাৰ স্বাৰ্থত গুলিবিদ্ধ হোৱা আৰক্ষীৰ খবৰ ল’বলৈ আহৰি নাই চৰকাৰ তথা গৃহ বিভাগৰ । বিগত ২৬ জুলাইত অসমৰ-মিজোৰাম সীমান্ততৰ লাইলাপুৰত মিজো আৰক্ষী আৰু দুষ্কৃতিকাৰীৰ গুলিত অসম আৰক্ষীৰ ছয়জনকৈ জোৱানে মাতৃ ভূমিক ৰক্ষা কৰিবলৈ গৈ শ্বহীদ হ’ব লগীয়া হৈছিল ৷

কেইবাজনো আৰক্ষী জোৱান (police) গুলিবিদ্ধ হ’ব লগীয়া হৈছিল । কিন্তু পৰিতাপৰ বিষয় এই যে, এই গুলিবিদ্ধ হৈ থকা একাংশ আৰক্ষী জোৱানৰ খবৰ ল’বলৈ এতিয়াও আহৰি পোৱা নাই চৰকাৰ (govrnment তথা প্ৰশাসনে (administrations) ৷ লাইলাপুৰত (lailapur) জনীয়াৰ বাসিন্দা তথা অসম আৰক্ষীৰ বেটেলিয়ানৰ এগৰাকী উপ-পৰিদৰ্শক নুৰুল ইছলামো (NURUL ISLAM) গুলিবিদ্ধ হৈ আহত হৈছিল ৷

লাইলাপুৰত গুলিবিদ্ধ আৰক্ষী বিষয়া নুৰুল ইছলামে পোৱা নাই চৰকাৰৰ সঁহাৰি

লগতে পঢ়ক : অলিম্পিকত ব্ৰঞ্জ লাভ : নতুন ইতিহাসেৰে জিলিকি ৰ’ল লাভলীনা

অতি পৰিতাপৰ কথা যে, ২৬ জুলাইত গুলিবিদ্ধ হোৱা আৰক্ষী বিষয়া জনক ২৮ তাৰিখে কিছু চিকিৎসাৰ ব্যৱস্থা কৰি ২৯ আগষ্টত শিলচৰ মেডিকেল কলেজৰ (SILCHAR MEDECAL COLLAGE) পৰা অব্যাহতি দিয়া হয় ৷ তাৰ পাচত শিলচৰৰ তাৰাপুৰ ৰেল ষ্টেচনত (TARAPUR RALWAY STATIONS) তেওঁক এৰি দিয়েই দায়িত্ব সামৰিলে গৃহ বিভাগে (HOME DEPARTMENT)। ইপিনে আহত নুৰুল ইছলামে ৩০ জুলাইত আহি কোনোমতে ঘৰ পায় যদিও সম্প্ৰতি সু-চিকিৎসাৰ (treatment) পৰা বঞ্চিত হৈ ঘৰতে থাকিব লগীয়া হৈছে ।

নুৰুল ইছলামৰ শাৰীৰিক অৱস্থাৰ খবৰ ল’বলৈ চৰকাৰৰ প্ৰশাসন তথা জনপ্ৰতিনিধি কাৰোৰেই যেন সময় নাই । সম্প্ৰতি সদৌ অসম গৰিয়া মৰিয়া জাতীয় পৰিষদৰ বৰনগৰ আঞ্চলিক সমিতিয়ে চৰকাৰৰ এই ধৰণৰ নীতিক ধিক্কাৰ জনোৱাৰ লগতে আহত জোৱান সকলক উন্নত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ৷

লগতে পঢ়ক : পোন্ধৰ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল কৃষি বিষয়া জ্যোতিৰেখা দাস

Last Updated :Aug 5, 2021, 6:17 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.