ETV Bharat / state

কলগাছিয়াত শোকাৱহ দুৰ্ঘটনা, থিতাতে নিহত কলেজীয়া ছাত্ৰ

author img

By

Published : Sep 8, 2022, 4:29 PM IST

accident
কলগাছিয়াত শোকাৱহ দুৰ্ঘটনা

কলগাছিয়াৰ কৰাৰকুৰত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Kalgachia)। মটৰ চাইকেল আৰু ই-ৰিক্সাৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত এজন কলেজীয়া ছাত্ৰ । অঞ্চলটোত শোকৰ ছাঁ ।

কলগাছিয়া,৮ ছেপ্টেম্বৰ : বৰপেটাত শোকাৱহ পথ দুৰ্ঘটনা । মটৰ চাইকেল আৰু ই-ৰিক্সাৰ মুখামুখি সংঘৰ্ষৰ (Bike and E Rickshaw collision in Barpeta) ফলত থিতাতে নিহত এজন কলেজীয়া ছাত্ৰ । জিলাখনৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কৰাৰকুৰত সংঘটিত হৈছে এই মৰ্মান্তিক দুৰ্ঘটনাটো (College student dies in road accident at Kalgachia)।

দুৰ্ঘটনাত মৃত্যু হোৱা ছাত্ৰজনৰ নাম মুছাৰফ হুছেইন বুলি জানিব পৰা গৈছে । অভয়াপুৰী থানাৰ অন্তৰ্গত বালাপাৰা, মাত্ৰাঘোলা গাঁওৰ বাসিন্দা আছিল ২১ বছৰীয়া মুছাৰফ । আনহাতে কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰ আছিল মুছাৰফ । পঞ্চম ষান্মাসিকৰ নামভৰ্তিৰ বাবে কলেজলৈ গৈ দুৰ্ঘটনাত পতিত হয় মুছাৰফ (Road accident at Barpeta)।

কলগাছিয়াত শোকাৱহ দুৰ্ঘটনা

জানিব পৰা মতে কলেজৰ পৰা বন্ধুৰ মটৰ চাইকেল লৈ বেকী দলঙৰ কাষলৈ ফুৰিবলৈ গৈছিল মুছৰাফে । তাৰ পাছত পুনৰ কলেজলৈ উভতি যোৱাৰ পথত মুছাৰফে যাত্ৰীবাহী ই-ৰিক্সাখনত খুন্দা মাৰে । লগে লগে মটৰ চাইকেলসহ ৰাস্তাত বাগৰি পৰে মুছাৰফ ।

দুৰ্ভাগ্যজনকভাৱে থিতাতে মুছাৰফৰ মৃত্যু হয় । দুৰ্ঘটনাটোত ই-ৰিক্সাৰ দুজনকৈ যাত্ৰীও আহত হয় । ইফালে এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।

লগতে পঢ়ক:বৰপেটাত ভস্মীভূত চাৰিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.