ETV Bharat / state

আজমল অসমৰ মুছলমানৰ অভিভাৱক নহয়: মুছলিম ছাত্ৰ সন্থা

author img

By

Published : Apr 4, 2021, 10:52 AM IST

press meet muslim student union
এআইডিইউএফক মুছলিম ছাত্ৰ সন্থা অসমৰ কঠোৰ সকিয়নী

এআইইউডিএফক মুছলিম ছাত্ৰ সন্থা অসমৰ কঠোৰ সকীয়নি ৷ ধৰ্মৰ নামত ৰাজনীতি নকৰিবলৈ আজমল পৰিয়ালক সকীয়াই দিলে মুছলিম ছাত্ৰ সন্থাই ৷ বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাৰ ওপৰতো সন্দেহ প্ৰকাশ কৰিছে মুছলিম ছাত্ৰ সন্থাই ৷

বৰপেটা,4 এপ্ৰিল: এআইইউডিএফ-ক সাম্প্ৰদায়িক আখ্যা দি নামনিৰ ভোটাৰ ৰাইজৰ পৰা আঁতৰি থাকিবলৈ সকীয়নি প্ৰদান কৰাৰ লগতে ধৰ্মৰ নামত ৰাজনীতি নকৰিবলৈ আজমল পৰিয়ালক সকীয়াই দিছে মুছলিম ছাত্ৰ সন্থা অসমে ৷ চেঙাত এখন সংবাদমেল সম্বোধন কৰি মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জালাল উদ্দিনে আজমল পৰিয়ালৰ বিৰুদ্ধে কেবাটাও বিস্ফোৰক মন্তব্য কৰে ৷

আজমল অসমৰ মুছলমানৰ অভিভাৱক নহয় বুলি মন্তব্য কৰাৰ লগতে আজমল পুত্ৰ আব্দুৰ ৰহিম আজমলে অসমত এইবাৰ লুঙী-টুপীৰ আৰু দাড়ি থকা মানুহৰ চৰকাৰ হ'ব বুলি মন্তব্য কৰা কাৰ্যক ধিক্কাৰ জনাই সংগঠনটোৱে ৷ মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি গৰাকীয়ে কয় যে, চৰকাৰ কেতিয়াও এটা ধৰ্ম বা সম্প্ৰদায়ৰ নামত হ'ব নোৱাৰে ৷ এনে মন্তব্যৰ জৰিয়তে মুছলমান ৰাইজক বদনাম কৰিছে ৷

মুছলিম ছাত্ৰ সন্থাৰ সংবাদমেল

মহাজোঁটৰ নামতো মুছলমান ৰাইজক বিপদত পেলোৱা বুলি অভিযোগ কৰাৰ লগতে চেঙাৰ এআইইউডিএফ দলৰ প্ৰাৰ্থী আশ্ৰাফুল হুছেইনে মিঞা কবিতাৰে অসমৰ পৰিৱেশ বিনষ্ট কৰিছিল বুলিও মুছলিম ছাত্ৰ সন্থাই অভিযোগ উত্থাপন কৰে ৷ মিঞা কবিতাৰে অসমৰ পৰিৱেশ বিনষ্ট কৰিব খোজা এগৰাকী লোকে অসমীয়া জাতীয় সত্বাৰ কথা কেতিয়াও নাভাবে বুলি মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জালাল উদ্দিনে অভিযোগ কৰে ৷

ইফালে ইতিমধ্যে সম্পন্ন হৈ যোৱা বিধানসভা নিৰ্বাচনৰ দুটা পৰ্যায়ৰ ভোটগ্ৰহণত ইভিএম মেচিনক লৈ সৃষ্টি হোৱা বিভিন্ন অপ্ৰীতিকৰ পৰিৱেশক ধিক্কাৰ দি নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাৰ ওপৰতো মুছলিম ছাত্ৰ সন্থাই সন্দেহ প্ৰকাশ কৰে ৷

লগতে পঢ়ক: হিমন্তক ভাল ৰাজনীতিবিদ হোৱাৰ আহ্বান প্ৰমিলাৰাণীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.