ETV Bharat / state

ঘোঁৰামাৰাত খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন সাংসদ আব্দুল খালেকৰ

author img

By

Published : Jun 13, 2021, 2:00 PM IST

MP Abdul Khalek Visited Erosion Area of Barpeta
ঘোৰামাৰাত খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন সাংসদ আব্দুল খালেকৰ

বৰপেটা জিলাত বিগত কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত আই আৰু মানাহ নদীৰ জলস্তৰ বৃদ্ধি পাইছে ৷ ইয়াৰ সমান্তৰালভাবে নদী দুখনৰ সংযোগস্থল ঘোঁৰামাৰাত অব্যাহত আছে খহনীয়া (Erosion) ৷

বঙাইগাঁও, 13 জুন : বৰপেটাৰ সাংসদ আব্দুল খালেকে (MP Abdul Khalek) শনিবাৰে সন্ধিয়া উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰ আৰু দক্ষিণ অভয়াপুৰী বিধায়ক প্ৰদীপ সৰকাৰক লগত লৈ আই আৰু মানাহ নদীৰ সংযোগস্থল ঘোঁৰামাৰা-দলাগাছাৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে । সাংসদ আব্দুল খালেকে অঞ্চলকেইটা পৰিদৰ্শন কৰি শীঘ্ৰে খহনীয়া (Erosion) প্ৰতিৰোধৰ ব্যৱস্থা হাতত ল’ব বুলি জানিবলৈ দিয়ে ৷

ঘোঁৰামাৰাত খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন সাংসদ আব্দুল খালেকৰ

উল্লেখ্য যে, উত্তৰ অভয়াপুৰীৰ ঘোঁৰামাৰাত খহনীয়াত সেউজীয়া কৃষিভূমিৰ লগতে ঘৰ-দুৱাৰ নদীৰ বুকুত জাহ যাবলৈ আৰম্ভ কৰিছে । বাৰিষাৰ পূৰ্বে এইবাৰ খহনীয়া (Erosion) আৰম্ভ হোৱাত স্থানীয় ৰাইজে ঘৰে ঘৰে গৈ বাঁহ সংগ্ৰহ কৰি খহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰে ৷ এই খবৰ সংবাদ মাধ্যমত প্ৰচাৰৰ পাছতেই তৎপৰ হৈ পৰে সাংসদগৰাকী । সাংসদ খালেকৰ লগতে উত্তৰ অভয়াপুৰীৰ বিধায়ক আব্দুল বাতিন খন্দকাৰে খহনীয়া প্ৰতিৰোধ সন্দৰ্ভত জিলা উপায়ুক্তৰ লগত আলোচনা কৰাৰ কথা জানিবলৈ দিয়ে ৷ সাংসদ গৰাকীয়ে এই সন্দৰ্ভত জলসম্পদ মন্ত্ৰীৰ লগত আলোচনা কৰি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : অসমত কিমান দূৰ ফলপ্ৰসু হৈছে অনলাইন শিক্ষা ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.