ETV Bharat / state

আৰক্ষীৰ গুলিত আহত গৰু চিণ্ডিকেট চক্ৰৰ মূল নায়ক

author img

By

Published : Jun 24, 2021, 10:49 AM IST

বৰপেটা আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি মাফিয়াজনক লৈ আৰক্ষীয়ে কলগাছিয়ালৈ অনুসন্ধানৰ বাবে লৈ গৈ থকা অৱস্থাত আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰাৰ ফলতেই আৰক্ষীৰ গুলিত আহত হয় মোজাম্মিল হ’ক ৷

আৰক্ষীৰ গুলিত আহত গৰু চিণ্ডিকেট চক্ৰৰ মূল নায়ক মোজাম্মিল হ'ক
আৰক্ষীৰ গুলিত আহত গৰু চিণ্ডিকেট চক্ৰৰ মূল নায়ক মোজাম্মিল হ'ক

বৰপেটা, 24 জুন: ৰাজ্যত অব্যাহত আছে গৰু চিণ্ডিকেট চক্ৰ ৷ তাৰমাজতে বুধবাৰে নিশা বৰপেটাত আৰক্ষীৰ গুলিত আহত হয় বাংলাদেশলৈ গৰু সৰবৰাহ চক্ৰক নেতৃত্ব দি অহা মোজাম্মিল হ’ক ৷ কলগাছিয়াত আৰক্ষীৰ গুলিত গুলিবিদ্ধ হয় চিণ্ডিকেটৰ মূল নায়কজন ৷ ঘটনাৰ বিষয়ে বৰপেটা আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি মাফিয়াজনক লৈ আৰক্ষীয়ে কলগাছিয়ালৈ অনুসন্ধানৰ বাবে লৈ গৈ থকা অৱস্থাত আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰাৰ ফলতেই আৰক্ষীৰ গুলিত আহত হয় মোজাম্মিল হ’ক ৷

আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰোতে মোজাম্মিল হ’কৰ ভৰিত গুলি লাগে বুলি জানিব পৰা গৈছে ৷ আনহাতে আৰক্ষীৰ গুলিত গুলিবিদ্ধ হোৱা মোজাম্মিল হ'কক বুধবাৰে নিশাৰ ভাগতে বৰপেটা মেডিকেল কলেজ হাস্পটালৰ জৰুৰী ৱাৰ্ডত ভৰ্তি কৰে ৷ সম্প্ৰতি মোজাম্মিল হ'ক গুলিবিদ্ধ হোৱাৰ ঘটনাক লৈ বৰপেটাত জিলাত ব্যাপক চাঞ্চল্যই বিৰাজ কৰিছে ৷

আৰক্ষীৰ গুলিত আহত গৰু চিণ্ডিকেট চক্ৰৰ মূল নায়ক মোজাম্মিল হ'ক

উল্লেখযোগ্য যে, প্ৰায় এমাহ পূৰ্বে গৰু মাফিয়া বৰপেটাৰ হাউলীৰ খাইৰুল ইছলামকো গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ ইপিনে খাইৰুল ইছলামক গ্ৰেপ্তাৰৰ কৰাৰ পাচতে প্ৰায় এমাহ ধৰি পশ্চিমবংগত আত্মগোপন কৰি থকা মোজাম্মিল হ'কে মঙলবাৰে বৰপেটাত আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰাৰ পাচতে হাউলী থানাত আৰক্ষীৰ জিম্মাত আছিল ৷

উল্লেখযোগ্য যে, বৰ্তমানেও ধুবুৰী জিলাৰ ভাৰত বাংলাদেশ সীমান্তলৈ জাকে জাকে গৰু ৰাষ্ট্ৰীয় পথেৰে সৰবৰাহ হৈ আছে ৷ অসম বংগ সীমান্তৰ শ্ৰীৰামপুৰ, গোসাঁইগাঁও হৈ ধুবুৰীলৈ যোৱা হয় গৰু সমূহ ৷ এই অবৈধ সৰবৰাহ নিশাৰ ভাগতে নহয়, দিনৰ পোহৰতো অব্যাহত থকাৰ কথা পোহৰলৈ আহিছে ৷ যি সময়ত অসম চৰকাৰৰ আৰক্ষী বিভাগে অবৈধভাৱে গৰুৰ সৰবৰাহ আৰু ছিণ্ডিকেট চক্ৰক মষিমূৰ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে, তেনে সময়ত একাংশ সৰবৰাহকাৰীয়ে আৰক্ষীৰ চকুৰ সন্মুখতে অব্যাহত ৰাখিছে এই অবৈধ চোৰাং বেহা ৷

জানিব পৰা মতে, বহিঃ ৰাজ্যৰ গৰু সমূহ ট্ৰাক যোগে বংগৰ অলিপুৰদুৱাৰ জিলাৰ শামুকতলা, পাকৰিগুৰি আদি ঠাইত নমাই ৰাষ্ট্ৰীয় পথেৰে খোজ কঢ়াই লৈ যোৱা হয় ৷ নিতৌ শ শ গৰু এনেদৰে বিভিন্ন পথেৰে ধুবুৰী জিলাৰ বাংলাদেশ সীমান্তলৈ সৰবৰাহ কৰি আহিছে যদিও সেই সকল গৰু ব্যৱসায়ীক নাকি লগাব পৰা নাই অসম আৰক্ষীয়ে ৷

লগতে পঢ়কঃ ৰঙিয়াত বিদ্যুৎ চুৰি ৰোধ কৰিবলৈ বিদ্যুৎ বিভাগে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.