ETV Bharat / state

Moral police incidents of Assam: সভ্য সমাজৰ চাবিকাঠি আমিয়েই গতাইছো নেকি মৰেল পুলিচৰ হাতত !

author img

By

Published : Apr 28, 2023, 6:16 PM IST

দেহ ব্যৱসায়ৰ অভিযোগেৰ দুগৰাকী যুৱতীক বৰপেটাৰোডত কেইবাটাও দুৰ্বৃত্তই মাৰ পিট কৰাৰ ঘটনা মাৰ নৌযাওঁতেই জিলাখনত পুনৰ সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা ৷ এগৰাকী যুৱতীক এখন ৰিক্সাত শাৰীৰিকভাৱে নিৰ্যাতন চলাইছে উদণ্ড যুৱকৰ দল এটাই ৷ আচৰিত কথা যে, এই সমগ্ৰ ঘটনাটো উপস্থিত কোনোবাই ৰেকৰ্ডিং কৰি এতিয়া সামাজিক মাধ্যমত ভাইৰেল কৰিছে (Barpeta moral police case) ৷

barpeta moral police case
মৰেল পুলিচৰ ঘটনা

বৰপেটাৰোড, 28 এপ্ৰিল : আইন হাতত তুলি লোৱাৰ সাহস বাঢ়িছে একাংশৰ, কিন্তু কেনেকৈ ? গত্যন্তৰ নাই নেকি এনেবোৰ সামাজিক ব্যাধিৰ ! নে সমাজৰ একাংশ তথাকথিত ভদ্ৰলোকেই সাহস হৈ থিয় দিছো মৰেল পুলিচগিৰীৰ সপক্ষে ৷ আমিয়েই সেইখন সমাজৰ বাসিন্দা য’ত এহাল পুৰুষ-মহিলাই মুকলি মনেৰে ঘূৰিব ফুৰিব নোৱাৰে ৷

বন্ধু হৈয়ো বন্ধ কোঠাত থকা মানেই অনৈতিক কাৰ্যকলাপৰ চিন্তাই আমনি কৰা আমাৰ সমাজখনেই দৰাচলতে সাহস দিছে মৰেল পুলিচিঙৰ দৰে ঘটনাক ৷ আমাৰ দৃষ্টিত সমাজ কলুষিত কৰা কামবোৰ আচলতে কাৰোবাৰ ব্যক্তিগত জীৱনৰ হেঁপাহ, য’ত হস্তক্ষেপ কৰি সমাজ শুধৰণিৰ দায়িত্ব মূৰ পাতি লৈছো আমি আৰু আমাৰ এনেবোৰ আলোচনাই ৰাজ্যৰ, দেশৰ চুকে কোণে জন্ম দিছে মৰেল পুলিচ ৷

ৰাজ্যখনত সংঘটিত হৈছে এটাৰ পিচত আনটোকৈ মৰেল পুলিচিঙৰ ঘটনা ৷ বৰপেটাৰ কলহভাংগাৰ চাঞ্চল্যকৰ মৰেল পুলিচিঙৰ ঘটনাৰ ঢৌ মাৰ নৌযাওঁতেই পুনৰ বৰপেটাৰোডৰ দোমনীঘাটত সংঘটিত হৈছে এক শিহৰণকাৰী মৰেল পুলিচিঙৰ ঘটনা (Barpeta moral police case) ৷ বৃহস্পতিবাৰৰ নিশা উদণ্ড যুৱকৰ দল এটাই এগৰাকী যুৱতীক এখন ৰিক্সাত শাৰীৰিকভাৱে নিৰ্যাতন চলাই ৷ চাৰিওফালৰ পৰা যুৱতী গৰাকীক আৱৰি সকলোৱে হাত আৰু মুখেৰে কৰিছে আক্ৰমণ ৷ কোনোৱে চুলি টানিছে, কোনোৱে গাল-কপালত হাত ফুৰাইছে নহ’লে আন কোনোৱে গাত ঢকিয়াইছে ৷ সকলো ফালৰে পৰা যুৱতী গৰাকীৰ গাত অচিন লোকৰ স্পৰ্শ, এক বীভৎসকাৰী দৃশ্য ৷

সমগ্ৰ ঘটনাটো মোবাইলত ৰেকৰ্ডিং কৰি সামাজিক মাধ্যমত ভাইৰেল কৰি যুৱতীগৰাকীৰ গাত হাত নিদিয়াকৈ আসুৰিক তৃপ্তি লাভ কৰাজনো মৰেল পুলিচিগিৰিৰে অংশ ৷ যুৱতী গৰাকীৰ ঘৰ বাক্সাৰ কাজিয়ামাটিত বুলি জানিব পৰা গৈছে ৷ কিন্তু কি কাৰণত উদণ্ড যুৱকৰ দলটোৱে যুৱতী গৰাকীক এইদৰে শাৰীৰিকভাৱে নিৰ্যাতন চলালে সেইয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷ যদিওবা যুৱতী গৰাকীয়ে কিবা অপৰাধ কৰিছিল তেন্তে আৰক্ষীক খবৰ নিদি আইন নিজৰ হাতত তুলি লৈ উদণ্ড যুৱকৰ দলটোৱে এনেদৰে যুৱতী গৰাকীক প্ৰহাৰ কৰা ঘটনাটোক তীব্ৰ নিন্দা কৰিছে অঞ্চলটোৰ সচেতন ৰাইজে (Assam moral police incidents) ।

যুৱতী গৰাকীক শাৰীৰিকভাৱে নিৰ্যাতন চলোৱা মৰেল পুলিচৰ দলটোক আৰক্ষীয়ে কৰায়ত্ত কৰি কঠোৰতম শাস্তি প্ৰদানৰ পোষকতা কৰিছে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে, মাত্ৰ পাঁচদিন পূৰ্বে বৰপেটাৰোডৰ কলহভাংগাৰ চাইনবৰ্ডৰ সমীপৰ এখন ধাবাত দেহ ব্যৱসায় কৰাৰ অভিযোগত দুগৰাকী যুৱতীক উদণ্ড যুৱকৰ দল এটাই আইন নিজৰ হাতত তুলি গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই বৰপেটাৰোডৰ দোমনীঘাটত অনুৰূপ ঘটনা সংঘটিত হোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (moral police incidents in Assam) ৷

লগতে পঢ়ক : Barpeta moral policing case: বৰপেটা ৰোড কাণ্ডৰ সৈতে জড়িত 11 টাক গ্ৰেপ্তাৰ; কেইবাটাও পলাতক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.