ETV Bharat / state

কলগাছিয়াত আদৰ্শ আবাসিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন

author img

By

Published : Feb 26, 2020, 11:34 PM IST

কলগাছিয়াৰ শওঁপুৰত ৪০০ খন আসন যুক্ত আদৰ্শ আবাসিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন ৷ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন দপ্তৰ মন্ত্ৰী ৰঞ্জিত দত্তই ৷

Model School Inauguration at Kalgachia
কলগাছিয়াত আদৰ্শ আবাসিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন

জনীয়া, 26 ফেব্ৰুৱাৰী : কলগাছিয়াৰ শওঁপুৰত প্ৰধান মন্ত্ৰী জন বিকাশ কাৰিক্ৰমৰ অধীনত ৪০০ খন আসন যুক্ত আদৰ্শ আৱাসিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হয় । বুধবাৰে আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন দপ্তৰ মন্ত্ৰী ৰঞ্জিত দত্তই । ৩০.৪২ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া বিদ্যালয়খনত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৫৬০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিব আৰু ৪০০ গৰাকী ছাত্ৰই বিনামূলীয়াকৈ আবাসত থকাৰ সুবিধা লাভ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী ৰঞ্জিত দত্তই । ৫০ বিঘা ভূমিত নিৰ্মাণ হ'বলগীয়া বৃহৎ শিক্ষা অনুষ্ঠানটোত এটা অত্যাধুনিক অতিথিশালাও স্থাপন কৰা হ'ব বুলি মন্ত্ৰী ৰঞ্জিত দত্তৰ প্ৰকাশ কৰে ।

কলগাছিয়াত আদৰ্শ আবাসিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন

কলগাছিয়াৰ শওঁপুৰত হ'বলগীয়া আদৰ্শ আবাসিক বিদ্যালয় খনৰ বাবে বৰ্তমানৰ সাংসদ আৰু তেতিয়াৰ জনীয়া সমষ্টিৰ বিধায়ক আব্দুল খালেকৰ চেষ্টাৰ ফলত শওঁপুৰত আদৰ্শ আবাসিক বিদ্যালয় নিৰ্মাণ হ'বলৈ গৈ আছে সংখ্যালঘু উন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তই প্ৰকাশ কৰাৰ লগতে সাংসদ আব্দুল খালেকক ধন্যবাদ জ্ঞাপন কৰে । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে বিজেপিৰ ৰাজ্যিক সভাপতি তথা সৰভোগৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস, বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক আৰু জনীয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম, অসম সংখ্যালঘু পৰিক্ৰমা বিভাগৰ সচিব অশোক বৰ্মন, চৰ উন্নয়ন পৰিষদৰ সঞ্চালক মাহমুদ হাচান, বৰপেটাৰ উপায়ুক্ত মুনিন্দ্ৰ শৰ্মাকে ধৰি বহু সংখ্যক উচ্চপদস্থ চৰকাৰী বিষয়া উপস্থিত থাকে ।

আৰু পঢ়ক : বৰপেটাৰোডত 15 কিলো গাঞ্জা জব্দ ৰেল আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.