ETV Bharat / state

আগতে অসমত এনেকুৱা হোৱা নাছিল; কি নোহোৱাৰ কথা ক’লে হাফিজ ৰফিকুল ইছলামে ?

author img

By

Published : Jan 23, 2022, 10:01 PM IST

Hafiz Rafikul Islam reacts on Police encounter
Hafiz Rafikul Islam reacts on Police encounter

এনকাউন্টাৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া জনীয়া সমষ্টিৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামৰ (Hafiz Rafikul Islam reacts on Police encounter)। অসমৰ এনকাউণ্টাৰ(Police encounter in Assam) বৃহৎ সাঁথৰ বুলি উল্লেখ কৰি ন্যায়িক তদন্তৰ দাবী বিধায়কগৰাকীৰ ।

জনিয়া, 23 জানুৱাৰী : এনকাউণ্টাৰ সন্দৰ্ভত দেওবাৰে সৰৱ হোৱা পৰিলক্ষিত হ’ল জনীয়াৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলাম (Hafiz Rafikul Islam reacts on Police encounter)। অসমত একাধিক এনকাউণ্টাৰৰ কথা উল্লেখ কৰি বিগত সময়ত এনে ধৰণৰ এনকাউণ্টাৰ হোৱা নাছিল বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে । পাঁচ বছৰ পূৰ্বে বা বিগত সময়চোৱাত কোনো অপৰাধী বা অভিযুক্তই আৰক্ষীৰ লগত কাজিয়া বা বন্দুক কাঢ়ি লোৱা এনে ধৰণৰ কাণ্ড সংঘটিত হোৱা নাছিল ৷ বিগত ৮ মাহত এনে কি হ’ল যে কোনো অপৰাধী বা অভিযুক্তই আৰক্ষীৰ লগত কাজিয়া কৰে বা হাথিয়াৰ কাঢ়ি লৈ যাবলৈ চেষ্টা কৰে সেয়া বৃহৎ সাঁথৰ বুলি উল্লেখ কৰি ন্যায়িক তদন্তৰ দাবী কৰে জনীয়াৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামে ।

উল্লেখ্য যে, শনিবাৰে বিয়লিভাগত নগাঁও জিলাৰ কচলুখোৱাত সংঘটিত হৈছিল আৰক্ষীৰ গুলীচালনাৰ ঘটনা (Nagaon police encounter)৷ কীৰ্তিকমল বৰা নামৰ এজন যুৱক আৰক্ষীৰ গুলীত আহত হয় ৷ আৰক্ষীয়ে দাবী কৰা মতে, যুৱকজন নিচাসক্ত আৰু আৰক্ষীক আক্ৰমণ কৰিব খুজিছিল তেওঁ ৷ কিন্তু জনসাধাৰণে এই ঘটনাৰ বিৱবৰণ বিপৰীতধৰণেহে দিয়া পৰিলক্ষিত হৈছে ৷

এনকাউন্টাৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া জনীয়া সমষ্টিৰ বিধায়কৰ

জানিব পৰা মতে, সাধাৰণ পোচাকত যোৱা এণ্টি নাৰ্কটিক স্কোৱাডৰ সদস্যই এজন লোকক মাৰধৰ কৰি থকা দেখা পাই বাইকেৰে গৈ থকা অৱস্থাত ঘটনাৰ বুজ ল’বলৈ কাষ চাপি গৈছিল কীৰ্তিকমল ৷ কিন্তু তেনেতে আৰক্ষীৰ সৈতে তেওঁৰ বাক-বিতণ্ডা হয় ৷ আৰক্ষীয়ে যুৱকজনক বাইকৰ পৰা নমাই আনি প্ৰহাৰ কৰাৰ লগতে সোঁ ভৰিত গুলী মাৰে ৷ আৰক্ষীয়ে যুৱকজনক ড্ৰাগছ সৰবৰাহকাৰী সজোৱাৰ চেষ্টা চলোৱাৰো অভিযোগ উঠিছে ৷

ইতিমধ্যে যুৱকজনক গুলীওৱা আৰক্ষী বিষয়া প্ৰদীপ বণিয়াক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে ৷ তাৰোপৰি ঘটনাৰ তদন্তৰ বাবে নগাঁৱত উপস্থিত হৈছে বিশেষ আৰক্ষী অধীক্ষক জি পি সিং (Special DGP GP singh in Nagaon) ৷ তদন্ত প্ৰক্ৰিয়াৰ অন্ততহে পোহৰলৈ আহিব প্ৰকৃততে এই এনকাউন্টাৰৰ ৰহস্য কি আছিল ৷

লগতে পঢ়ক : Police encounter at Dhubri: ধুবুৰীত অসম আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ ড্ৰাগছ মাফিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.