ETV Bharat / state

Pension Sewa Kendra in Barpeta: পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

author img

By

Published : Jul 29, 2022, 7:32 PM IST

কৃতজ্ঞতা আঁচনিৰ(Kritagyata scheme) অধীনত ৰাজ্যৰ ২৭ খন জিলাত স্থাপন কৰা হ’ব পেঞ্চন সেৱা কেন্দ্ৰ (Pension sewakendra) ৷ সেই অনুসৰি মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয়ভাৱে পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰা পাছতে ভিন্ন মন্ত্ৰীয়ে ভিন্ন জিলাত মুকলি কৰে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ সুবিধাৰ্থে মুকলি কৰা এই সেৱা কেন্দ্ৰ ৷ বৰপেটাত শুকুৰবাৰে পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

Pension Sewa Kendra in Barpeta
বৰপেটাত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

বৰপেটা, ২৯ জুলাই: ৰাজ্য চৰকাৰৰ কৃতজ্ঞতা আঁচনিৰ(Kritagyata scheme) অধীনত ৰাজ্যৰ ২৭ খন জিলাত স্থাপন কৰা হ’ব পেঞ্চন সেৱা কেন্দ্ৰ (Pension sewa kendra)৷আজি বৰপেটা জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত এটা পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰি এই কথা সদৰি কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে(Minister Ranjeet Kumar Dass at Barpeta)৷

বৰপেটাত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

পেঞ্চন সেৱা কেন্দ্ৰটো মুকলি কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয়, ‘‘অসম চৰকাৰৰ যোৱা ২৮ অক্টোবৰত অনুষ্ঠিত কেবিনেট বৈঠকত এমট্ৰনৰ সহযোগত ৰাজ্যৰ ২৭ খন জিলাত পেঞ্চন সেৱা কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । অৱসৰী বিষয়া কৰ্মচাৰীসকলৰ পেঞ্চনৰ কাম-কাজসমূহ যাতে সহজ আৰু ক্ষীপ্ৰতৰভাৱে হয় সেই উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ’’৷

কেবিনেটৰ উক্ত সিদ্ধান্ত অনুসৰি আজি বৰপেটাত পেঞ্চন সেৱা কেন্দ্ৰটো মুকলি কৰে মন্ত্ৰীগৰাকীয়ে ৷ উক্ত অনুষ্ঠানত বৰপেটা জিলাৰ উপায়ুক্ত আয়ুষ গাৰ্গকে(Barpeta district DC) ধৰি জিলা প্ৰশাসনৰ বহুকেইকেইগৰাকী বিষয়াৰ লগতে ভালেসংখ্যক শিক্ষক আৰু শিক্ষা বিভাগৰ লোক উপস্থিত থাকে ৷

লগতে পঢ়ক: Assam Police Modernization : কেন্দ্ৰৰ পুঁজি কৰ্তনত বাধাপ্ৰাপ্ত আৰক্ষী আধুনিকীকৰণ প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.