বৰপেটা সত্ৰত মথুৰা দাস বুঢ়া আতাৰ তিৰোভাৱ তিথি পালন

author img

By

Published : Sep 24, 2021, 12:30 PM IST

mathura-das-burha-aatas-death-anniversary-observed

শুকুৰবাৰে বৰপেটা সত্ৰ(Barpeta Satra)ত প্ৰথমজনা সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতা(Mathura Das Burha Aata)ৰ তিৰোভাৱ তিথি(Death Anniversary) উপলক্ষে নাম-কীৰ্তনৰ আয়োজন ৷ 20 ছেপ্তেম্বৰৰ পৰা পাঁচদিনীয়াকৈ পালন কৰা হৈছে আতাপুৰুষজনাৰ তিৰোভাৱ তিথি ৷

বৰপেটা, 24 ছেপ্তেম্বৰ : মথুৰা দাস বুঢ়া আতা(Mathura Das Burha Aata)ৰ তিৰোভাৱ তিথি(Death Anniversary) উপলক্ষে শুকুৰবাৰে নাম-কীৰ্তনৰ আয়োজন কৰা হয় বৰপেটা সত্ৰ(Barpeta Satra)ত ৷ সম্পূৰ্ণ ক’ভিড প্ৰট’কল(Covid Protocol) মানি সীমিত পৰিসৰত পালন কৰা আতাপুৰুষজনাৰ তিৰোভাৱ তিথি উপলক্ষে ভকত-বৈষ্ণৱে সত্ৰত সেৱা লয় ৷

mathura-das-burha-aatas-death-anniversary-observed
মথুৰা দাস বুঢ়া আতাৰ তিৰোভাৱ তিথি

সত্ৰবাসীৰ দ্বাৰা নিৰ্বাচন কৰাৰ পৰম্পৰা সৃষ্টিৰে গণতান্ত্ৰিক ধ্যান-ধাৰণাৰ জন্ম দিয়া মথুৰা দাস বুঢ়া আতাৰ তিৰোভাৱ তিথি মহোৎসৱ 5 দিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে বৰপেটা সত্ৰত ৷ শ্ৰীশ্ৰীমন্ত শংকৰ-মাধৱ গুৰু দুজৰ পাচতেই বৰপেটাৰ সত্ৰীয়া ব্যৱস্থাত অধিক মান্যতা প্ৰদান কৰা হয় মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য, তিনিও ৰাজ্যৰ বন্দনীয় থান বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ শ্ৰীশ্ৰীমথুৰা দাস বুঢ়া আতাক ৷

মথুৰা দাস বুঢ়া আতাৰ তিৰোভাৱ তিথি

মাধৱদেৱে স্থাপন কৰা বৰপেটা সত্ৰক পূৰ্ণতা প্ৰদানেৰে আধুনিক সমাজ ব্যৱস্থাৰ গঢ় দিওতা মথুৰাদাস বুঢ়া আতাৰ নিজস্ব চিন্তাৰে বৰপেটা সত্ৰ ব্যৱস্থাত হাটীয়াৰ পূঁজিৰে বেংক ব্যৱস্থাৰ আৰম্ভণি, চৰু ভঁৰাল স্থাপনৰ জৰিয়তে খাদ্য নিগম ব্যৱস্থাৰ সূত্ৰপাত ঘটাইছিল ৷

mathura-das-burha-aatas-death-anniversary-observed
মথুৰা দাস বুঢ়া আতাৰ তিৰোভাৱ তিথি

লগতে সত্ৰবাসীয়ে যাতে প্ৰয়োজনত ঋণ লাভ কৰে আৰু ভকত-বৈষ্ণৱে খাদ্যৰ সমস্যাত ভুগিব নালাগে, তেনে এক ব্যৱস্থা গঢ়ি তুলিছিল ৷ বৃন্দাৱনী বস্ত্ৰ নিৰ্মাণৰ মুখ্য তাঁতী, গণতান্ত্ৰিক বিধি ব্যৱস্থাৰ প্ৰৱৰ্তক, গুৰু ভক্তিৰ শ্ৰেষ্ঠতম নিদৰ্শনকাৰী মথুৰা দাস বুঢ়া আতাৰ তিৰোভাৱ তিথি উপলক্ষে 20 ছেপ্তেম্বৰৰ পৰা পাঁচদিনীয়াকৈ পালন কৰা কীৰ্তন মহোৎসৱৰ শুকুৰবাৰে মূল সবাহ অনুষ্ঠিত হৈছে ৷

mathura-das-burha-aatas-death-anniversary-observed
মথুৰা দাস বুঢ়া আতাৰ তিৰোভাৱ তিথি

বুঢ়া আতাৰ তিৰোভাৱ তিথি মহোৎসৱৰ এই মূল সবাহ উপলক্ষে ভকত বৈষ্ণৱ আৰু আইসকলৰ পুৱাৰ প্ৰসংগৰ সামৰণিৰ পাচত সত্ৰৰ বংশৰা আৰু গায়ন-বায়নে সত্ৰৰ গুৰু আসনৰ সন্মুখত গুৰুঘাট বজাই খোল প্ৰসংগ কৰাৰ লগতে ভোজন ব্যৱহাৰ নাটৰ অংক পৰিৱেশন কৰিব ৷

ইফালে বিয়লি ভাগত থূল নহাটীৰ বাপুসকলে গায়ন-বায়ন আৰু কীৰ্তনেৰে সত্ৰত কৰভাৰ প্ৰদান কৰিব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত বাগিচাৰ শ্ৰমিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.