ETV Bharat / state

ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত হ’ল হাউলীৰ এখন হোটেল

author img

By

Published : Nov 22, 2020, 7:25 AM IST

massive fire in howly
হাউলীত ভয়ংকৰ অগ্নিকাণ্ড

শনিবাৰে নিশা বৰপেটাৰ হাউলীৰ কালঝাৰত ৰৈ থকা এখন ট্ৰাকত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে চাৰ-খাৰ হয় এখন লাইন হোটেল ৷ বৰ্তমানো ৰহস্যৰ আৱৰ্তত জুইৰ সূত্ৰপাতৰ কাৰণ ৷

বৰপেটা,22 নৱেম্বৰ : বৰপেটাৰ হাউলীৰ কালঝাৰত শনিবাৰে নিশা সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড ৷ হাউলী ইটাৰভিটাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ মতিহাৰী নামৰ এখন লাইন হোটেলত ৰৈ থকা এখন ট্ৰাকত সংঘটিত হয় এই অগ্নিকাণ্ড ৷

massive fire in howly
হাউলীত ভয়ংকৰ অগ্নিকাণ্ড

অগ্নিকাণ্ডটোত ট্ৰাকখন সম্পূৰ্ণৰূপে জ্বলি যোৱাৰ লগতে ভস্মীভূত হৈছে লাইন হোটেলখনো ৷ ঘটনাস্থলীত হাউলী আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ অগ্নি নিৰ্বাপনৰ চেষ্টা চলায় ৷

অৱশ্যে বৰ্তমানো জানিব পৰা নাই জুইৰ সূত্ৰপাতৰ কাৰণ ৷ অগ্নিকাণ্ডৰ ঘটনাক লৈ হাউলী অঞ্চলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

লগতে পঢ়ক : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল'লে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.