ETV Bharat / state

Basistha Dev Sharma no more: বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ নশ্বৰদেহলৈ শ্ৰদ্ধাঞ্জলি

author img

By

Published : Oct 23, 2022, 4:14 PM IST

Updated : Oct 23, 2022, 6:12 PM IST

মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা মতে সোমবাৰে ৰাজ্যিক মৰ্যাদাৰে বৰপেটা সত্ৰৰ খটখটিৰ পূব পাৰে বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব (Funeral of Basistha Dev Sarma)। আজি পুৱা প্ৰয়াত সত্ৰাধিকাৰ গৰাকীৰ নশ্বৰদেহ বাসভৱনৰ পৰা উলিয়াই এক বৃহৎ সমদলেৰে সমগ্ৰ বৰপেটা পৰিভ্ৰমণ কৰা হয় । বাসভৱনৰ পৰা নশ্বৰদেহ প্ৰথমতে সুন্দৰীদিয়া সত্ৰলৈ নিয়া হয় । তাৰপাছত ৰাখাল থান, চূণপোৰা ভিঠি থান, বৰপেটা বজাৰ আদি হৈ বৰপেটা সত্ৰৰ সমীপৰ সত্ৰৰ বাছ আস্থানলৈ নিয়া হয় ।

Last tribute to Satradhikar Basistha Dev Sharma
বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ নশ্বৰদেহলৈ শ্ৰদ্ধাঞ্জলী

বৰপেটা, ২৩ অক্টোবৰ: শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া তথা শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাপক বশিষ্ঠদেৱ শৰ্মাদেৱে (Basistha Dev Sharma no more) ৷ তেখেতৰ নশ্বৰদেহ নিশা বৰপেটাৰ সুন্দৰীদিয়াস্থিত বাসভৱনলৈ অনাৰ পাছত দেওবাৰে তেওঁৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় (Last tribute to Satradhikar Basistha Dev Sharma) ।

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ নশ্বৰদেহলৈ শ্ৰদ্ধাঞ্জলী

তাৰ বাবে পুৱা প্ৰয়াত সত্ৰাধিকাৰ গৰাকীৰ নশ্বৰদেহ বাসভৱনৰ পৰা উলিয়াই এক বৃহৎ সমদলেৰে সমগ্ৰ বৰপেটা পৰিভ্ৰমণ কৰা হয় । বাসভৱনৰ পৰা নশ্বৰদেহ প্ৰথমতে সুন্দৰীদিয়া সত্ৰলৈ নিয়া হয় । তাৰপাছত ৰাখাল থান, চূণপোৰা ভিঠি থান, বৰপেটা বজাৰ আদি হৈ বৰপেটা সত্ৰৰ সমীপৰ সত্ৰৰ বাছ আস্থানলৈ নিয়া হয় ।

সেই স্থানতে প্ৰয়াত সত্ৰাধিকাৰ গৰাকীৰ নশ্বৰদেহ আজিৰ দিনটো ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখা হ’ব । বুঢ়াসত্ৰীয়াগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে সমগ্ৰ বৰপেটা চহৰ লোকে লোকাৰণ্য হৈ পৰে । সমদলৰ সময়তো অগনন জনতাই পথৰ কাষে কাষে ৰৈ শ্ৰদ্ধা নিবেদন কৰে ।

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ নশ্বৰদেহলৈ শ্ৰদ্ধাঞ্জলী

জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে আপোন কৰি লোৱা বুঢ়া সত্ৰীয়া গৰাকীক সেয়েহে সকলোৱে আজি সমদলৰ সময়ত অশ্ৰুসিক্ত নয়নেৰে শেষ বিদায় জনায় । অসম চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু, সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড৹ সমুজ্জল ভট্টাচাৰ্য, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ আদি উপস্থিত হৈ প্ৰয়াত সত্ৰীয়াগৰাকীৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে ।

মন্ত্ৰী ডাঃ পেগুয়ে প্ৰয়াত সত্ৰীয়াগৰাকীৰ সৃষ্টিৰাজি অসম চৰকাৰে সংৰক্ষণৰ ব্যৱস্থা কৰিব বুলি মন্তব্য কৰে । আছুৰ উপদেষ্টা সমুজ্জল ভট্টাচাৰ্য্যই প্ৰয়াত বশিষ্ঠ দেৱ শৰ্মাক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি চৰকাৰক আহ্বান জনায় ৷

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা মতে সোমবাৰে ৰাজ্যিক মৰ্যাদাৰে বৰপেটা সত্ৰৰ খটখটিৰ পূব পাৰে বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব (Funeral of Basistha Dev Sarma)।

লগতে পঢ়ক: Last journey of Basistha Dev Sarma : বুঢ়াসত্ৰীয়াৰ অন্তিম সাক্ষাতৰ বাবে ৰাজপথত সহস্ৰাধিক গুণমুগ্ধ

Last Updated : Oct 23, 2022, 6:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.