ETV Bharat / state

বৰপেটাত KMSS ৰ পথ অবৰোধ

author img

By

Published : Oct 15, 2020, 7:27 PM IST

অনিয়মীয়া বিদ্যুৎ যোগানৰ ফলত অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী, ব্যৱসায়ীসকল ক্ষতিগ্ৰস্থ হোৱাৰ অভিযোগ ৷ ইপিনে ভেল্লা অঞ্চলত জিঅ' নেটৱৰ্কৰ সমস্যাক লৈয়ো প্ৰতিবাদ কৃষক মুক্তিৰ ৷

kmss roadblock at bhella borpeta
বৰপেটাত KMSS ৰ পথ অবৰোধ

বৰপেটা,15 অক্টোবৰঃ বৰপেটা জিলাৰ ভেল্লাত KMSS ৰ পথ অবৰোধেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ৷ ভেল্লা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বৰপেটা-দৌলাশাল আৰু হাজো-গুৱাহাটী পথ অৱৰোধেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ ভেল্লা অঞ্চলত বিদ্যুতৰ যোগান নিয়মীয়া কৰাৰ দাবীতে এই পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছিল ৷

উল্লেখযোগ্য যে, দিনটোৰ দুঘন্টা সময়ো বিদ্যুৎ যোগান নোপোৱাৰ অভিযোগ প্ৰতিবাদকাৰী সকলৰ ৷ অনিয়মীয়া বিদ্যুৎ যোগানৰ ফলত অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী, ব্যৱসায়ীসকল ক্ষতিগ্ৰস্থ হোৱাৰ অভিযোগ ৷ ইপিনে ভেল্লা অঞ্চলত জিঅ' নেটৱৰ্কৰ সমস্যাক লৈয়ো প্ৰতিবাদ কৃষক মুক্তিৰ ৷

বৰপেটাত KMSS ৰ পথ অবৰোধ

ইপিনে দীৰ্ঘদিন কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈক মুক্তিৰো দাবী তোলে প্ৰতিবাদকাৰীয়ে ৷ ভেল্লা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দ্বাৰা ৰূপায়িত এই প্ৰতিবাদী পথ অৱৰোধ কাৰ্যসূচীৰ সময়চোৱাত যান বাহন নিয়ন্ত্ৰণৰ বাবে পথত নাছিল আৰক্ষীৰ লোক ৷ যাৰ ফলত দীৰ্ঘসময় ধৰি পথৰ দুয়োকাষে যান বাহন আৱদ্ধ হৈ পৰাৰ ফলত দূৰ্ভোগ ভোগে পথচাৰীসকলে ৷ বৰপেটা-গুৱাহাটী সংযোগী মূল পথতো প্ৰায় ৩০ মিনিট সময় ধৰি অৱৰোধ কৰাৰ পিচত সংগঠনটোৱে অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে ৷

লগতে পঢ়কঃ অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰীক কেবিনেটৰ অতিৰিক্ত দায়িত্ব অৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.