ETV Bharat / state

বুঢ়া আৰক্ষী চকীৰ নিৰ্মম কাণ্ড;বাঘবৰত তীব্র প্ৰতিবাদ কৃষক মুক্তিৰ

author img

By

Published : Sep 18, 2019, 10:10 PM IST

বুঢ়া আৰক্ষী থানাত সংঘটিত অমানৱীয় ঘটনাৰ প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাক কেৱল নিলম্বন কৰাতেই ক্ষান্ত নাথাকি কঠোৰ শাস্তি প্ৰদানৰ দাবী সংগঠনটোৰ ৷

বাঘবৰত তীব্র প্ৰতিবাদ কৃষক মুক্তিৰ

বৰপেটা, ১৮ ছেপ্টেম্বৰঃ দৰঙৰ বুঢ়া আৰক্ষী থানাত সংঘটিত অমানৱীয় আৰু বৰ্বৰ ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি যোৱাৰ সময়তে বৰপেটাৰ বাঘবৰৰ মন্দিয়াত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদ ৷ বুঢ়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই সংঘটিত কৰা অমানৱীয়, জঘন্য আৰু বৰ্বৰ ঘটনাৰ বিৰুদ্ধে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাই ৷ এই ঘটনাৰ সৈতে জড়িত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মা আৰু কনিষ্টবলগৰাকীক কেৱল নিলম্বন কৰাতেই ক্ষান্ত নাথাকি ঘটনাৰ সৈতে জড়িত সকলক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ সংগ্ৰাম সমিতিয়ে ৷ আনহাতে দৰঙৰ আৰক্ষী অধীক্ষকৰ ওপৰতো শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷

বাঘবৰত তীব্র প্ৰতিবাদ কৃষক মুক্তিৰ
Intro:
বৰপেটা, ১৮ ছেপ্টেম্বৰঃ দৰঙৰ বুঢ়া আৰক্ষী থানাত সংঘটিত অমানৱীয়, জঘন্য আৰু বৰ্বৰ ঘটনাৰ বিৰুদ্ধে বৰপেটাৰ বাঘবৰৰ মন্দিয়াত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদ ৷ বুঢ়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই সংঘটিত কৰা অমানৱীয়, জঘন্য আৰু বৰ্বৰ ঘটনাৰ বিৰুদ্ধে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাূ্যস্ত কৰে ছাত্ৰ মুক্তি আৰু কৃষক মুক্তিৰ মন্দিয়া আঞ্চলিক সমিতিয়ে ৷ Body:এগৰাকী আৰক্ষী বিষয়াৰ এনে বৰ্বৰতাৰ বিৰুদ্ধে বিজেপি চৰকাৰ হাঁই হাই, অসম পুলিচ গোবেক, অসমৰ মুখ্যমন্ত্ৰী মূর্দাবাদ আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷ এই ঘটনাৰ সৈতে জড়িত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মা আৰু কনিষ্টবল গৰাকীক কেৱল নিলম্বন কৰাতেই ক্ষান্ত নাথাকি ঘটনাৰ সৈতে জড়িত সকলক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ সংগ্ৰাম সমিতিয়ে ৷ আনহাতে দৰঙৰ আৰক্ষী অধীক্ষকৰ ওপৰতো শাস্তিমূলক ব্যৱস্থা গ্ৰহনৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷

Conclusion:বাইটঃ কৃষক নেতা ৷

--- বাপকন দাস, বৰপেটা ৷৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.