ETV Bharat / state

কলগাছিয়াত চি আই টি ইউ আৰু কৃষক সভাৰ প্ৰতিবাদ

author img

By

Published : Sep 23, 2020, 4:50 PM IST

সম্প্ৰতি অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ তালিকাৰ পৰা চাউল,দাইল,মিঠাতেল,আলু আদিক বাদ দিয়াত ক্ষুদ্ধ হৈ পৰিছে কৃষক সভা ।

kalgachia citu protest
কলগাছিয়াত চি আই টি ইউ আৰু কৃষক সভাৰ প্ৰতিবাদ

জনীয়া,23 ছেপ্তেম্বৰঃ কলগাছিয়াত চি আই টি ইউ আৰু কৃষক সভাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী। কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। সম্প্ৰতি অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ তালিকাৰ পৰা চাউল,দাইল,মিঠাতেল,আলু আদিক বাদ দিয়াত ক্ষুদ্ধ হৈ পৰিছে কৃষক সভা ।

কলগাছিয়াত চি আই টি ইউ আৰু কৃষক সভাৰ প্ৰতিবাদ

বুধাবাৰে দেশজোৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে চি আই টি ইউয়ে ৷ তাৰ পৰিপ্ৰেক্ষিতত কলগাছিয়াতো চি আই টি ইউৰ উদ্যোগত সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী। দেশৰ ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচন সমূহৰ আহ্বানত ৰেল,বীমা,বেংক,বিমান ঘাটি,তেল শোধানাগৰ,কাগজ কল আদি ৰাজহুৱা সম্পত্তি বিক্ৰী বন্ধ কৰা,শ্ৰমিক কল্যাণ আইন কাৰ্যকৰী কৰাৰ দাবীত আৰু শ্ৰম আইন সংস্কাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী পালন কৰে সংগঠনটোৱে।

লগতে পঢ়কঃ কলিয়াবৰত তিনি প্ৰৱঞ্চক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.