ETV Bharat / state

জনীয়াত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন

author img

By

Published : Mar 22, 2021, 5:46 PM IST

জনীয়া পাব্লিক স্কুলৰ উদ্যোগত সালেকুৰাত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন । চিকিৎসকে পৰীক্ষা কৰি ৰোগীসকলক ঔষধ বিতৰণ কৰে । উক্ত স্বাস্থ্য শিবিৰ উদ্বোধন কৰে জনীয়া ৰাজ্যিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ ছামাদ আলীয়ে ।

জনীয়াত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন
জনীয়াত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন

জনীয়া,২২ মাৰ্চ: সোমবাৰে বৰপেটা জিলাৰ জনীয়াত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয় । জনীয়া পাব্লিক স্কুলৰ উদ্যোগত জনীয়াৰ সালেকুৰাত অনুষ্ঠিত কৰা হয় এই স্বাস্থ্য পৰীক্ষা শিবিৰ । বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসক ডাঃ ৰফিকুল ইছলাম, ডাঃ সৌৰভ চক্ৰৱৰ্তী, ডাঃ গোলাম ওচমানি, ডাঃ মুস্তাফিজুৰ ৰহমানে ৰোগীসকলৰ স্বাস্থ্য পৰীক্ষা কৰে ।

জনীয়াত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন

সালেকুৰাস্থিত জনীয়া পাব্লিক স্কুলৰ চেয়াৰমেন তথা অধিবক্তা আলতাপ হুছেইন, অধ্যক্ষ আমিনুল ইছলাম, ছাইফ উদ্দিন আহমেদৰ তত্বাৱধানত অনুষ্ঠিত স্বাস্থ্য শিবিৰ উদ্বোধন কৰে জনীয়া ৰাজ্যিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডা ছামাদ আলীয়ে । এই স্বাস্থ্য শিবিৰৰ জৰিয়তে শিশু তথা ৰাইজ যথেষ্ট উপকৃত হ'ব বুলি আশাবাদী জনীয়া পাব্লিক স্কুল কৰ্তৃপক্ষ । স্বাস্থ্য পৰীক্ষাৰ অন্তত ৰোগীসকলক ঔষধো প্ৰদান কৰা হয় ।

লগতে পঢ়ক: বকলীয়াঘাটত নিচাযুক্ত টেবলেটসহ দুই যুৱকক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.