ETV Bharat / state

জনীয়াত কেইবাটাও পথৰ আধাৰশিলা স্থাপন

author img

By

Published : Jan 7, 2021, 8:51 PM IST

জনীয়াৰ ৫৮নং গাঁও পঞ্চায়তত কেইবাটাও পথৰ আধাৰশিলা স্থাপন । বৃহস্পতিবাৰে পথকেইটাৰ আধাৰশিলা স্থাপন কৰে জনীয়া সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে ।

জনীয়াৰ ৫৮নং গাঁও পঞ্চায়তত কেইবাটাও পথৰ আধাৰশিলা স্থাপন
জনীয়াৰ ৫৮নং গাঁও পঞ্চায়তত কেইবাটাও পথৰ আধাৰশিলা স্থাপন

জনীয়া, ৭ জানুৱাৰী: বৃহস্পতিবাৰে বৰপেটাৰ জনীয়া সমষ্টিৰ ৫৮নং গাঁও পঞ্চায়তত পথৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে স্থানীয় বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে। কেইবাটাও পথৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়কগৰাকীয়ে । আধাৰশিলা স্থাপনৰ লগত সংগতি ৰাখি এখন সভাও অনুষ্ঠিত কৰা হয় । বৰভিটা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰাবিয়া খাতুনৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ লগতে পঞ্চায়তৰ বিষয়ববীয়াসকলো উপস্থিত থাকে ।

বিধায়কগৰাকীয়ে বৰভিটা গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ কাম-কাজক প্ৰশংসা কৰে । ৫ লাখ টকা ব্যয় সাপেক্ষে পেভাৰ ব্লকেৰে বৰভিটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উত্তৰ ফালৰ ধান মিললৈ,৩.৫৭ লাখ টকা ব্যয়ৰে চি চি এম চি পথৰ পৰা পূৱ বৰভিটালৈ আৰু ৫ লাখ টকা ব্যয়ৰে চেণ্ড গ্ৰেভেলেৰে নিৰ্মাণ হ'বলগীয়া পথৰ আধাৰশিলা স্থাপন কৰা হয় ।


লগতে পঢ়ক:বিজেপিত যোগদান কৰিব নেকি সাংসদ নৱ শৰণীয়াই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.