ETV Bharat / state

আজমলে সংখ্যালঘু ৰাইজক লজ্জানত কৰিছে: শ্বহিদুল ইছলাম

author img

By

Published : Apr 2, 2021, 8:29 AM IST

আজমলে সংখ্যালঘু ৰাইজক লজ্জানত কৰিছে : শ্বহিদুল ইছলাম
আজমলে সংখ্যালঘু ৰাইজক লজ্জানত কৰিছে : শ্বহিদুল ইছলাম

জনীয়া সমষ্টিৰ অন্তৰ্গত খৰিচলাত বৃহস্পতিবাৰে মিত্ৰজোঁট তথা বিজেপি প্ৰাৰ্থী অধিবক্তা শ্বহিদুল ইছলামৰ নিৰ্বাচনী প্ৰচাৰ ৷ বদৰুদ্দিন আজমলে সমগ্ৰ ধৰ্মীয় সংখ্যালঘু লোকক অসমবাসীৰ আগত লজ্জানত আৰু অপমানিত কৰিছে বুলি মন্তব্য প্ৰাৰ্থীগৰাকীৰ ৷

জনীয়া, 2 এপ্ৰিল: জনীয়া সমষ্টিৰ অন্তৰ্গত খৰিচলাত বৃহস্পতিবাৰে মিত্ৰজোঁট তথা বিজেপি প্ৰাৰ্থী অধিবক্তা শ্বহিদুল ইছলামৰ এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় । নিৰ্বাচনী সভাত মিত্ৰজোঁটৰ প্ৰাৰ্থী শ্বহিদুল ইছলামে অসমীয়াৰ স্বভিমান ফুলাম গামোচা বদৰুদ্দিন আজমলে দলিয়াই দিয়া কাৰ্য্যক তীব্ৰ ভাষাৰে সমালোচনা কৰে । বদৰুদ্দিন আজমলে সমগ্ৰ ধৰ্মীয় সংখ্যালঘু লোকক অসমবাসীৰ আগত লজ্জানত আৰু অপমানিত কৰিছে বুলি মন্তব্য কৰে ।

আজমলে সংখ্যালঘু ৰাইজক লজ্জানত কৰিছে : শ্বহিদুল ইছলাম

আনহাতে, বিগত কাৰ্যকালত জনীয়া সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা মহাজোঁটৰ প্ৰাৰ্থী ড৹ হাফিজ ৰফিকুল ইছলামে গৰাখহনীয়া, ডি ভোটৰ সমস্যা, নিবনুৱা সমস্যা, যাতায়ত, শিক্ষা আদি কোনো ক্ষেত্ৰতে সফল হ'ব নোৱাৰিলে ৷ সেয়ে মিত্ৰজোটৰ প্ৰাৰ্থী শ্বহিদুল ইছলামক জনীয়া সমষ্টিৰ ৰাইজে বিপুল ভোটত জয়ী কৰি জনীয়াৰ উন্নতিৰ বাবে কাম কৰিবৰ বাবে আহ্বান জনায় ৷

লগতে পঢ়ক: কৰিমগঞ্জত সুকলমে সম্পূৰ্ণ ভোটগ্ৰহণ প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.