ETV Bharat / state

Dumpers terror on roads: শিল-বালি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্যত অতিষ্ঠ কলগাছিয়াবাসী

author img

By

Published : Jun 11, 2023, 8:31 PM IST

কলগাছিয়াত ৰাতি নামিলেই আৰম্ভ হয় অবৈধভাৱে শিল-বালি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্য ৷ দৈনিক অতিৰিক্ত শিল-বালি কঢ়িওৱা শ শ ডাম্পাৰ পাৰ হৈ যোৱাৰ পিছতো চকুত নপৰে আৰক্ষী তথা বন বিভাগৰ (Terror of Dumper in Kalgachia) ৷

Terror of Dumper in Kalgachia
ডাম্পাৰৰ দৌৰাত্ম্যত অতিষ্ঠ ৰাইজ

কলগাছিয়াত শিল-বালি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্য

জনিয়া, 11 জুন: বন বিভাগ তথা আৰক্ষীৰ চকুত ধূলি মাৰি কলগাছিয়াত একাংশ অসাধু লোকে চলাইছে অবৈধ শিল, বালি আৰু মাটিৰ বেহা ৷ কলগাছিয়াত নিশা হ’লেই আৰম্ভ হয় অবৈধভাৱে শিল, বালি আৰু মাটি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্য ৷ পথত একাধিক ডাম্পাৰে চলোৱা দৌৰাত্ম্যই শেহতীয়াকৈ অতিষ্ঠ কৰি তুলিছে সাধাৰণ পথচাৰীৰ লগতে পথটোৰ দাঁতিকাষৰীয়া বাসিন্দাক ৷ দৈনিক বহন ক্ষমতাতকৈ অধিক শিল, বালি, মাটি কঢ়িওৱা ডাম্পাৰ পাৰ হৈ যোৱাৰ পিচতো চকুত নপৰে আৰক্ষী তথা বন বিভাগৰ ৷

অভিযোগ অনুসৰি বন বিভাগৰ লগত গোপন মিতিৰালিৰে, কোনো ধৰণৰ অনুমতি নোহোৱাকৈ এনেদৰেই একাংশই কঢ়িয়াই আছে শিল, বালি আৰু মাটি ৷ আৰক্ষীৰ চকুৰ সন্মুখতেই বহন ক্ষমতাতকৈয়ো বেছি শিল, বালি আৰু মাটি কঢ়িয়াই নিয়ে ডাম্পাৰ সমূহে ৷ কিন্তু কুম্ভকৰ্ণ নিদ্ৰাত বিভাগীয় কৰ্তৃপক্ষৰ লগতে আৰক্ষী ৷

বৰপেটা জিলাৰ কলগাছিয়াত দীৰ্ঘদিনৰ পৰাই চলি আহিছে অবৈধভৱে শিল, বালি আৰু মাটি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্য ৷ এই ডাম্পাৰ সমূহৰ দৌৰাত্ম্যৰ বাবেই সঘনাই সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনাও ৷ স্থানীয় ৰাইজ তথা দল-সংগঠনৰ অভিযোগ অনুসৰি বন বিভাগৰ লগত গোপন মিতিৰালিৰে কোনো কোনো ডাম্পাৰে চালান নোহোৱাকৈ আৰু কোনো ডাম্পাৰে দিনত এখনকৈ চালান কাটি দিনে-নিশাই কঢ়িয়াই আছে শিল, বালি আৰু মাটি ৷

বৰপেটাৰোড বন সংমণ্ডলৰ অন্তৰ্গত বিভিন্ন এলেকাৰ লগতে নিশাৰ ভাগত ডাম্পাৰ সমূহে অবৈধভাৱে কঢ়িয়াই আনে শিল, বালি আৰু মাটি ৷ নিশা হ’লেই আৰক্ষীৰ চকুৰ সন্মুখতেই বাহন ক্ষমতাতকৈয়ো বেছি শিল, বালি আৰু মাটি কঢ়িয়াই নিয়ে এই ডাম্পাৰসমূহে ৷ স্থানীয় ৰাইজে কলগাছিয়া ৰাজহ চক্ৰ বিষয়া, বন বিষয়াক বাৰে বাৰে এই সন্দৰ্ভত অভিযোগ দিয়াৰ পিচতো কোনো গুৰুত্ব আৰোপ নকৰাৰ ফলত বালি মাফিয়াই অহৰহ চলাই গৈছে শিল, বালি আৰু মাটিৰ অবৈধ সৰবৰাহ ৷

বন বিভাগৰ লগত গোপন মিতিৰালিৰে এই অবৈধ বালিখনন চলি থকা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ ফলত শীঘ্ৰেই বালিখননৰ লগতে অবৈধ ডাম্পাৰৰ দৌৰাত্ম্য বন্ধ কৰিবলৈ দাবী জনাইছে ৰাইজৰ লগতে কলগাছিয়া মহকুমা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে (Terror of Dumper in Kalgachia) ৷

লগতে পঢ়ক: Crime in Rangia: স্বচ্ছ ভাৰত অভিযানৰ নামত ধন সংগ্ৰহ কৰি ৰাইজৰ ৰোষত দুই প্ৰৱঞ্চক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.