ETV Bharat / state

বেকী নৈৰ পাৰত ভূ-মাফিয়াৰ সন্ত্ৰাস

author img

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 8:06 AM IST

Illegal sand mining in Beki River
বেকী নৈৰ পাৰত ভূ-মাফিয়াৰ সন্ত্ৰাস

কলগাছিয়াৰ মোৱামাৰী বেকী নৈৰ পাৰত ভূ-মাফিয়াৰ সন্ত্ৰাস । খনন কাৰ্যত বাধা দিলে AK47 লৈ মাটি খননৰ ভাবুকি ভূ-মাফিয়া ফাৰুক আহমেদৰ । ভূ-মাফিয়াৰে বন বিভাগৰ গোপন মিতিৰালিৰ অভিযোগ ৰাইজৰ ।

বেকী নৈৰ পাৰত ভূ-মাফিয়াৰ সন্ত্ৰাস

জনীয়া,৩০ ডিচেম্বৰ: বগা হাতীত পৰিণত হৈছে বৰপেটা ৰোড আঞ্চলিক বন বিভাগৰ লগতে সৰভোগ খণ্ড বন বিষয়া । বৰপেটাৰোড আঞ্চলিক বন বিষয়াৰ অন্তৰ্গত কলগাছিয়াৰ মোৱামাৰী বেকী নৈৰ পাৰত চলিছে ভূ-মাফিয়াৰ সন্ত্ৰাস । বিগত এটা মাহ ধৰি মোৱামাৰী গাঁৱত ফাৰুক আহমেদে বেকী নৈৰ কাষত অবৈধ মাটি খনন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ।

ইফালে ৰাইজে খনন কাৰ্যত বাধা দিলে ভূ-মাফিয়া ফাৰুক আহমেদে AK47 লৈ মাটি খনন কৰিব, তথাপিও মাটি কটা বন্ধ কৰিব নোৱাৰে বুলি ৰাইজক ভাবুকি প্ৰদান কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । বিগত এমাহ পূৰ্বৰে পৰা কলগাছিয়া আৰক্ষী থানা, কলগাছিয়া ৰাজহ চঁক্ৰৰ চক্ৰ বিষয়া, বৰপেটা জিলা প্ৰশাসনৰ লগতে বন বিভাগক কেইবাবাৰো অৱগত কৰাৰ পিছতো কোনো গুৰুত্ব দিয়া নাই বুলি অভিযোগ উত্থাপন কৰে ৰাইজে ।

ইফালে গুঁইলেজা গাঁৱত বেকী নৈৰ নিচেই কাষত আইনাল হকৰ নেতৃত্বত অবৈধ খনন কাৰ্য চলোৱাৰ অভিযোগ উত্থাপন হৈছে । উল্লেখ্য যে, মাটি খননৰ ফলত যোৱাটো বানপানীৰ সময়ত নৈপৰীয়া অঞ্চল সমূহলৈ ভয়ংকৰ গৰাখহনীয়াই কঢ়িয়াই আনিছিল তীব্র ভাবুকি । এই ক্ষেত্ৰত বন বিভাগ আৰু বৰপেটা জিলা প্ৰশাসনৰ প্ৰতিও উঠিছে সন্দেহৰ আঙুলি । কিয়নো বানপানীৰ সময়ত একমাত্ৰ এই খননৰ বাবেই গৰাখহনীয়াই কি ৰূপ ধাৰণ কৰে সেয়া সৰ্বজনবিদিত । তথাপিও এই ক্ষেত্ৰত প্ৰশাসনে নীৰৱ ভূমিকা পালন কৰাহে পৰিলক্ষিত হয় বুলি অভিযোগ কৰে স্থানীয় লোকে ।

ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বন বিভাগৰ বৰপেটা ৰোড আৰু সৰভোগ খণ্ড বন বিষয়া ভূ-মাফিয়াৰ সৈতে জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰে ৰাইজে । তাৰ লগতে কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু কলগাছিয়া আৰক্ষী থানাৰ ভূমিকা নীৰৱ হোৱাত তীব্র সমালোচনা কৰে ক্ষোভিত ৰাইজে । শীঘ্ৰে বালিখনন বন্ধ কৰাৰো আহ্বান জনায় বিভাগীয় কৰ্তৃপক্ষক ।

লগতে পঢ়ক: কৰিমগঞ্জত দুই সৰবৰাহকাৰীসহ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.