ETV Bharat / state

Domestic violence in Assam: বৰপেটাত বোৱাৰীক হত্যা কৰি পলায়ন স্বামী পৰিয়ালৰ

author img

By

Published : Dec 20, 2021, 4:23 PM IST

Daughter in law killed by husband Family in Barpeta
বৰপেটাত বোৱাৰীক হত্যা কৰি পলায়ন স্বামী পৰিয়ালৰ

বৰপেটাত বোৱাৰীক ডিঙি চেপি হত্যা কৰাৰ অভিযোগ স্বামী পৰিয়াল(Daughter-in-law kills by husband Family)ৰ বিৰুদ্ধে ৷ যৌতুকজনিত কাৰণ(Killing for Dowry)ত দীৰ্ঘদিন ধৰি বোৱাৰীগৰাকীক নিৰ্যাতন চলাই অহাৰ অভিযোগ কৰিছে বোৱাৰীগৰাকীৰ আত্মীয়ই ৷

বৰপেটা, 20 ডিচেম্বৰ : বৰপেটাৰ ভেৰালদি গাঁৱত এগৰাকী বোৱাৰীক ডিঙি চেপি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ স্বামী, শাহুৱেক, ননদ-সহ স্বামীৰ পৰিয়ালে বোৱাৰীগৰাকীক পৰিকল্পিতভাৱে এই হত্যাকাণ্ড(Daughter-in-law kills by husband Family) কৰাৰ অভিযোগ কৰিছে বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে ৷ হত্যাকাণ্ড সংঘটিত কৰাৰ পাছতেই স্বামীৰ পৰিয়ালৰ আটাইকেইজনে পলায়ন কৰে ৷

উল্লেখ্য যে, সাত বছৰ পূৰ্বে ভেৰালদি গাঁৱৰ কামাল আলীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল কাষৰে আন এখন গাঁৱৰ যুৱতী জেছমিন পাৰবিনে ৷ অভিযোগ অনুসৰি, দুই সন্তাৰ মাতৃ জেছমিন পাৰবিনৰ ওপৰত দীৰ্ঘদিনৰ পৰা শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল স্বামীগৃহৰ পৰিয়ালৰ লোকে ৷

বৰপেটাত বোৱাৰীক হত্যা কৰি পলায়ন স্বামী পৰিয়ালৰ

যৌতুকজনিত কাৰণতে(Killing for Dowry)ই জেছমিনক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল স্বামীগৃহৰ পৰিয়ালৰ বিৰুদ্ধে ৷ আশ্চৰ্যজনকভাৱে দেওবাৰে বিয়লি জেছমিনে চিপ লৈ আত্মহত্যা কৰা বুলি স্বামীগৃহৰ পৰিয়ালৰ লোকে জেছমিনৰ ভিনিহিয়েকক ফোনযোগে জানিবলৈ দিয়ে ৷ সেইমৰ্মে জেছমিনৰ ভিনিহিয়েকসহ আন একাংশ লোক কামাল আলীৰ ঘৰত উপস্থিত হৈ জেছমিনৰ মৃতদেহ চোতালত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷

আনহাতে জেছমিনৰ মৃতদেহ চোতালত পেলাই থৈ স্বামী কামাল আলী, শহুৰেক আৰ্চন আলী, শাহুৱেক কৰিমন বেগম, ভাই শহুৰ জামাল আলী আৰু ননদ ফুলমালাই পলায়ন কৰে ৷ বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে কৰা অভিযোগ অনুসৰি, কামাল আলীৰ পৰিয়ালে জেছমিনক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা চলাইছিল যদিও ব্যৰ্থ হয় ৷ ইপিনে জেছমিনৰ হত্যাকাণ্ডক লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক : Domestic violence in Assam: স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে পত্নীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.