ETV Bharat / state

সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আতৈক বৰপেটা বঁটা প্ৰদান

author img

By

Published : Apr 16, 2021, 11:21 AM IST

Updated : Apr 16, 2021, 11:50 AM IST

বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই পহিলা ব'হাগৰ দিনটোত বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আতৈলৈ 'বৰপেটা বঁটা' প্ৰদান কৰে ৷ ছাত্ৰ সন্থাৰ হৈ বৰপেটাৰ প্ৰাক্তন উপায়ুক্ত থানেশ্বৰ মালাকাৰে এখন গামোছা, চেলেংচাদৰ, জাপি, শৰাই, মানপত্ৰৰ লগতে নগদ দহ হাজাৰ টকা প্ৰদান কৰে ৷

সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আতৈক বৰপেটা বঁটা প্ৰদান
সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আতৈক বৰপেটা বঁটা প্ৰদান

বৰপেটা,16 এপ্ৰিল : পহিলা ব'হাগৰ দিনটোত বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আতৈলৈ 'বৰপেটা বঁটা' প্ৰদান কৰে ৷ 94 বছৰ বয়সতো শ্ৰীমন্ত শংকৰ-মাধৱ গুৰুদুজনাৰ হৰিনাম ধৰ্ম আৰু সংস্কৃতিৰ প্ৰচাৰকে জীৱনৰ মুল লক্ষ্য হিচাপে গ্ৰহন কৰা এইগৰাকী কিংবদন্তি সদৃশ সত্ৰাধিকাৰক লেখক তথা বৰপেটাৰ প্ৰাক্তন উপায়ুক্ত থানেশ্বৰ মালাকাৰে ছাত্ৰ সন্থাৰ হৈ 'বৰপেটা বঁটা' প্ৰদান কৰে ৷ এই বঁটাত এখন গামোছা, চেলেংচাদৰ, জাপি, শৰাই, মানপত্ৰৰ লগতে নগদ দহ হাজাৰ টকা প্ৰদান কৰা হয় সত্ৰাধিকাৰগৰাকীক ৷

সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আতৈক বৰপেটা বঁটা প্ৰদান
সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আতৈক বৰপেটা বঁটা প্ৰদান

উল্লেখ্য যে, 136 বছৰ বয়সৰ পৰা হৰি নাম ধৰ্ম আৰু সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰত ব্যস্ত বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আতৈয়ে 94 বছৰ বয়সতো এগৰাকী তৰুণৰ দৰেই জনজাতীয় অঞ্চলত শ্ৰীমন্ত শংকৰদেৱৰ নাম ধৰ্ম প্ৰচাৰত জৰিত হৈ আছে ৷ সত্ৰাধিকাৰ গৰাকীয়ে বড়ো, ৰাভা, আদিবাসী আদি লোকসকলৰ মাজত এতিয়ালৈকে প্ৰায় 30 খনৰো অধিক সত্ৰ স্থাপন কৰি গুৰুজনাৰ বৰ অসমীয়া সমাজ নিৰ্মাণৰ সপোন বাস্তবায়িত কৰাৰ বাবে নিজৰ জীৱন উৎসৰ্গিত কৰি আহিছে ৷

তেওঁ অকল ধৰ্ম প্ৰচাৰতে নিজকে আৱদ্ধ নাৰাখি সকলো সম্প্ৰদায়ৰ পুৰুষ, মহিলা, যুৱক যুৱতী, শিশুসকলক লৈ সংস্কৃতিৰ সাধনাত জৰিত হৈ পৰাৰ লগতে বিদ্যালয় আদি স্থাপন কৰি জনজাতীয় সমাজখনক সকলো ফালৰ পৰাই আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰি আহিছে ৷ জনজাতীয় সমাজৰ পৰা মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰি সমাজখনৰ সৰ্বাংগীন বিকাশ আৰু মংগলৰ হকে কাম কৰিবলৈ যোৱা সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আতৈৰ দেহত আনকি উদণ্ড লোকে মদ পৰ্যন্ত ঢালি দিছিল ৷

সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আতৈক বৰপেটা বঁটা প্ৰদান

দূৰ্গম জনজাতীয় অঞ্চলত গুৰুজনাৰ নাম ধৰ্ম প্ৰচাৰত ব্যস্ত হৰেকৃষ্ণ মহন্ত আতৈয়ে সমাজৰ মংগলৰ বাবে ৰাজ্য চৰকাৰে প্ৰদান কৰা কালীচৰণ ব্ৰহ্ম বঁটাৰ সৈতে তেওঁলৈ আগবঢ়োৱা নগদ তিনি লাখ টকাও জনজাতীয় অঞ্চলৰ সত্ৰসমুহৰ মাজত ভগাই দিছিল ৷ নিজৰ লক্ষ্যত অটল, সত্ৰীয়া সংস্কৃতিৰ সাধক বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আতৈয়ে জাতীয় জীৱনলৈ আগবঢ়াই অহা সেৱাৰ স্বীকৃতি হিচাপে শ্ৰীমন্ত শংকৰদেৱ বঁটাৰে সন্মানিত কৰাৰ বাবে চৰকাৰলৈ দাবা জনাইছে বৰপেটাবাসী ৰাইজে ৷

লগতে পঢ়ক: বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰলৈ 'তাঁতীকুছি বঁটা'

Last Updated : Apr 16, 2021, 11:50 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.