Clashes at Kalgachia: কলগাছিয়াত সংঘটিত দলবদ্ধ আক্ৰমণত গুৰুতৰভাৱে আহত এজন

author img

By

Published : Aug 3, 2022, 2:10 PM IST

group of five people attacked a man at kalgachia in Barpeta

কলগাছিয়াত সংঘটিত হয় এক মাৰপিটৰ ঘটনা । পাঁচজনীয়া দল এটাই আগুৰি ধৰি এজন লোকক প্ৰহাৰ কৰাৰ অভিযোগ (Group of five people attacked a man) ৷ ঘটনাত লোকজন গুৰুতৰভাৱে আহত হৈছে (Clashes at Kalgachia) ।

জনিয়া, 3 আগষ্ট: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰিত সংঘটিত হয় এক ভয়ংকৰ মাৰপিটক ঘটনা (Clashes at Kalgachia) ৷ মঙলবাৰে বালিকুৰি আৰক্ষী চকীৰ নিচেই কাষত সংঘটিত এই ঘটনাত এজন লোক গুৰুতৰভাৱ আহত হয় ৷

ঘটনা অনুসৰি, মঙলবাৰে এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি বালিকুৰি এন চি গাঁৱৰ পাঁচজনীয়া এটা দলে ৰাছিবুল ইছলাম নামৰ এজন যুৱকক আগচি ধৰি বাঁহৰ লাঠিৰে কোবাই দলবদ্ধ আক্ৰমণ কৰে (Group of five people attacked a man) ৷ এই দলবদ্ধ আক্ৰমণৰ ফলত গুৰুতৰভাৱে আহত হয় ৰাছিবুল ইছলাম ।

কলগাছিয়াৰ বালিকুৰিত ভয়ংকৰ মাৰপিটৰ ঘটনা

ৰাছিবুল ইছলামক আক্ৰমণ কৰা দলটোত একে গাঁৱৰে শ্বহিদুল ইছলাম, জাকিৰ হুছেইন, খালেক আলী, বাকাজুল ইছলাম আৰু মালেক আলী আছিল বুলি ভুক্তভোগীয়ে অভিযোগ উত্থাপন কৰে ৷ স্থানীয় ৰাইজে গুৰুতৰভাৱে আহত ৰাছিবুল ইছলামক উদ্ধাৰ কৰি ততাতৈয়াকৈ কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷ পৰিয়ালৰ অভিযোগ মৰ্মে পূৰ্বৰ শত্ৰুতাক কেন্দ্ৰ কৰি পৰিকল্পিতভাৱে এই ঘটনা সংঘটিত কৰে এই পাঁচজনীয়া দলটোৱে ৷

ইতিমধ্যে ভুক্তভোগীয়ে ন্যায় বিচাৰি ধৃত পাঁচজনীয়া দলটোৰ বিৰুদ্ধে বালিকুৰি আৰক্ষী চকীত (Balikuri Out Post) এজাহাৰ দাখিল কৰিছে ।

লগতে পঢ়ক: Kalgachia theft: কলগাছিয়াত সোণৰ অলংকাৰসহ লক্ষাধিক টকাৰ সামগ্ৰী চুৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.