ETV Bharat / state

পুনৰ বৰপেটাত গাঞ্জা জব্দ

author img

By

Published : Mar 16, 2021, 7:08 PM IST

বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে লাভ কৰিছে বৃহৎ সফলতা ৷ মঙলবাৰে আৰক্ষীয়ে দুই লক্ষাধিক টকাৰ গাঞ্জা জব্দ কৰাৰ লগতে এজন গাঞ্জা ব্যৱসায়ীক আটক কৰে ৷

সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা । দুই লক্ষাধিক টকাৰ গাঞ্জা জব্দ ৷
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা । দুই লক্ষাধিক টকাৰ গাঞ্জা জব্দ ৷

বৰপেটা,১৬ মাৰ্চ: বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা । অবৈধ গাঞ্জা ব্যৱসায়ৰ বিৰুদ্ধে সৰ্থেবাৰী আৰক্ষীয়ে অভিযান চলাই এই সফলতা লাভ কৰিছে । সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অঞ্জন বড়োৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন খবৰৰ ভিত্তিত ধনৰাজ বড়োত ঘৰত চলাইছিল এক অভিযান ৷

সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা । দুই লক্ষাধিক টকাৰ গাঞ্জা জব্দ ৷
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা

আৰক্ষীয়ে এই অভিযান কালত দুই লক্ষাধিক টকাৰ গাঞ্জা জব্দ কৰাৰ লগতে ব্যৱসায়ীজনক আটক কৰিবলৈ সক্ষম হৈছে ৷ ধৃত গাঞ্জা ব্যৱসায়ীজন সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত সত্ৰপাকাৰ ধনৰাজ বড়ো(২৬) ৷ উল্লেখ্য যে, ধনৰাজ বড়োৱে লক ডাউনৰ সময়ৰ পৰাই অবৈধ গাঞ্জাৰ ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপিত হৈছিল । সৰ্থেবাৰী আৰক্ষীৰ এনে সফলতাক সচেতন মহলে প্ৰশংসা কৰিছে ।

লগতে পঢ়কঃ সমৰ্থকৰ অভাৱ জিতু গোস্বামীৰ ! চাইকেল ৰেলীত শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.