ETV Bharat / state

সাংবাদিকৰ কেমেৰাত বন্দী নিষিদ্ধ গাঞ্জা সৰবৰাহৰ দৃশ্য

author img

By

Published : Jun 14, 2021, 9:38 PM IST

কলগাছিয়াত চোৰাং গাঞ্জা (Ganja)ৰ ৰমৰমীয়া বেহা । গাঞ্জা সৰবৰাহ কৰাৰ দৃশ্য কেমেৰাত বন্দী কৰিছে সাংবাদিকে ৷ কলগাছিয়াৰ কুখ্যাত গাঞ্জা সৰবৰাহকাৰী মাইনউদ্দিনে নিজ দোকানৰ পৰা চোৰাংভাৱে গাঞ্জা বিক্ৰী কৰি আহিছিল ৷

ganja smuggling in kalgachia
কলগাছিয়াত গাঞ্জাৰ বেহা

জনীয়া,14 জুন : বৰপেটা জিলাৰ কলগাছিয়াত অবাধে চলিছে নিষিদ্ধ গাঞ্জা (Ganja)ৰ ৰমৰমীয়া বেহা । কলগাছিয়া আৰক্ষী থানাৰ পৰা 300 মিটাৰ নিলগত তথা কলগাছিয়া বজাৰত মাইনউদ্দীন নামৰ এজন যুৱকৰ দোকানত প্ৰত্যেক দিনাই অবৈধভাৱে গাঞ্জা বিক্ৰী কৰাৰ তথ্য পোহৰলৈ আহিছে । উল্লেখ্য যে, দীৰ্ঘদিন ধৰি কলগাছিয়া অঞ্চলটোত নিষিদ্ধ গাঞ্জাৰ ৰমৰমীয়া বেহা চলাই অহা কুখ্যাত গাঞ্জা সৰবৰাহকাৰী মাইনউদ্দিনে চোৰাংভাৱে গাঞ্জা আনি নিজ দোকানৰ পৰা ব্যৱসায় চলাই আহিছিল ৷

কলগাছিয়াত গাঞ্জাৰ বেহা

সোমবাৰে সাংবাদিকৰ এটা দলে গোপন সূত্ৰৰ পম খেদি মাইনউদ্দীনে গাঞ্জা সৰবৰাহ কৰাৰ দৃশ্য কেমেৰাত বন্দী কৰে । আনহাতে কলগাছিয়াত এনেধৰণৰ বেহা চলোৱাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে স্থানীয় সচেতন ৰাইজে । মুঠতে নিষিদ্ধ গাঞ্জাৰ ঘাটিলৈ পৰ্যবসিত হোৱাৰ উপক্ৰম হৈছে সমগ্ৰ কলগাছিয়া অঞ্চল ৷

লগতে পঢ়ক : গহপুৰত মৰেল পুলিচিঙৰ বলি অসহায় মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.