ETV Bharat / state

বিজেপিৰ ৰাজ্যিক সভাপতিৰ গৃহ চহৰত কৃত্ৰিম বান

author img

By

Published : Jun 27, 2020, 8:54 PM IST

মৰা মানাহ বেদখল একাংশ লোকৰ ৷ ভূটানে এৰি আছে পানী ফলত বৰপেটাৰোডত সৃষ্টি কৃত্ৰিম বানৰ ৷ জিলা উপায়ুক্তৰ পৰিদৰ্শন কৃত্ৰিম বান পৰিস্থিতিৰ ৷

flood at borpeta road
বিজেপিৰ ৰাজ্যিক সভাপতিৰ গৃহ চহৰত কৃত্ৰিম বান

বৰপেটাৰোড,27জুনঃ ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগৰ বিধায়ক ৰণজিৎ কুমাৰ দাসৰ গৃহ চহৰ বৰপেটাৰোডত হোৱা কৃত্ৰিম বানপানী শনিবাৰে পৰ্যবেক্ষণ কৰে বৰপেটাৰ জিলা উপায়ুক্ত মূনীন্দ্ৰ শৰ্মাই ৷ কেবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বৰপেটাৰোডৰ ২ ,৫,৭,৯আৰু ১০ নম্বৰ ৱাৰ্ডত বসবাস কৰা প্ৰায় সকলো লোকে কৃত্ৰিম বানৰ কবলত পৰিছে ৷ বৰপেটাৰোডৰ মাজেৰে বৈ যোৱা মৰা মানাহ একাংশ লোকে অবৈধভাৱে দখল কৰি ঘৰদুৱাৰ নিৰ্মাণ কৰাৰ ফলত মৰা মানাহৰ পৰা পানী উলাই যাৱ পৰা নাই ৷ ফলত চহৰখনৰ একমাত্ৰ জলাশয় মৰা মানাহত পানী জমা হৈ মানুহৰ ঘৰৰ ভিতৰত পানী সোমোৱা পৰিলক্ষিত হৈছে ৷ মৰা মানাহৰ বুকুত একাংশ লোকে অবৈধভাৱে কেৱল ঘৰ নিৰ্মাণ কৰাই নহয় বৰপেটাৰোড পৌৰসভাৰ সদ্য প্ৰাক্তন চেয়াৰমেন সবিতা দেৱনাথেও মৰা মানাহ বেদখল কৰি এম/এছ ধৰিত্ৰী পলিমাৰ্চ নামৰ প্লাষ্টিক পাইপৰ ইণ্ডাষ্ট্ৰীও গঢ়ি তুলি ৰমৰমীয়া ব্যৱসায় চলাই আছে ৷

বিজেপিৰ ৰাজ্যিক সভাপতিৰ গৃহ চহৰত কৃত্ৰিম বান

বৰপেটাৰোডত সৃষ্টি হোৱা কৃত্ৰিম বানপানীৰ বুজ ল'বলৈ শনিবাৰে বৰনগৰ ৰাজহ বিষয়া সান্তনা বৰাৰ লগতে সেনাৰ নৱম জাত ৰেজিমেণ্টৰ সেনা বিষয়া আৰু বৰপেটাৰোড আৰক্ষীৰ বৃহৎ দল এটি লগত লৈ জিলা উপায়ুক্ত মূনীন্দ্ৰ শৰ্মাই সদলবলে মৰা মানাহত উপস্থিত হৈ মৰা মানাহ বেদখল পৰ্যবেক্ষণ কৰাৰ লগতে 7 নম্বৰ ৱাৰ্ডৰ বাবু পাৰা 5 নম্বৰ ৱাৰ্ড আদি অঞ্চল পৰিদৰ্শন কৰে ৷ বৰপেটাৰোডবাসীক কৃত্ৰিম বানৰ পৰা সাময়িকভাৱে সকাহ দিবলৈ বন্ধ হৈ থকা নলা নৰ্দমা কালভাৰ্ট আদি চাফা কৰি দিয়াৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সান্তনা বৰাক নিৰ্দেশনা দিয়ে ৷ লগতে কোভিড-19 আৰু বানপানীৰ প্ৰকোপ হ্ৰাস পোৱাৰ পাছত পৰৱৰ্তী সময়ত পৰ্যায় ক্ৰমে মৰা মানাহৰ অবৈধ দখল বেদখল মুক্ত কৰাৰ আশ্বাস প্ৰদান কৰে জিলা উপায়ুক্ত মূনীন্দ্ৰ শৰ্মাই ৷

লগতে পঢ়কঃ দ্বিপো নৈৰ সোঁতত সলিল সমাধি কিশোৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.